ধৰ্ষণকাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান দক্ষিণ শালমাৰা-মানকাচৰ জিলা-সত্ৰ ন্যায়ালয়ৰ (South Salmara Mankachar District And Sessions Judge Court)। ২০১৯ চনৰ ৭ চেপ্টেম্বৰৰ নিশা প্রায় ৮ বজাত জিলাখনৰ সুখচৰ থানাৰ অন্তৰ্গত বৰবালু এ ল পি স্কুলত সংঘটিত হৈছিল এক ধৰ্ষণকাণ্ড (Rape Case)। সুখচৰ থানা এলেকাৰ বৰবালু গাঁৱৰ বানেজ উদ্দীনৰ পুত্ৰ মুস্তাফিজুৰ ৰহমানে গাঁওখনৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক বৰবালু চৰকাৰী এল পি স্কুলত নি কৰিছিল ধৰ্ষণ (13 Years Old Girl Rape By A Man)।
এই ঘটনাৰ পিছতে নাবালিকাগৰাকীৰ পিতৃয়ে সুখচৰ থানাত (Sukhasar Police Station) এখন এজেহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত মোস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি ধুবুৰী জেললৈ প্ৰেৰণ কৰাৰ পাছৰে পৰা আদালতত গোচৰটো চলি আছিল।
অৱশেষত সুখচৰ থানাৰ ২৯৪/৩৭৬/৫০৬/৩৪ IPC নং গোচৰৰ ভিত্তিত আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা ও সত্ৰ ন্যয়াধীশৰ আদালতে সাক্ষী আৰু প্ৰমাণৰ ভিত্তিত মুস্তাফিজুৰ ৰহমান নামৰ অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে। জিলাখনৰ আজি প্ৰথম ৰায়দান বুলি জানিব দিয়ে চৰকাৰী অধিবক্তাই (20 Years Of Imprisonment For Raping A 13 Year Old Girl)।
মুস্তাফিজুৰ ৰহমানে জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত ৬ মাহৰ কাৰাবাস খাটিব লাগিব বুলিও আদালতে ৰায় প্ৰদান কৰে।
আদালতৰ এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দানৰ পাছত ভুক্তভোগী নাবালিকাৰ পিতৃয়ে ন্যায় পোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰিছে। ধৰ্ষিতা নাবালিকাগৰাকীৰ পিতৃয়ে কয় যে- ‘আমি ন্যায় পালোঁ’।
লগতে জিলা ও সত্ৰ ন্যয়াধীশ আদালতৰ গুৰুত্বপূৰ্ন ৰায়দানত পৰিয়ালৰ লোক আৰু চৰকাৰী অধিবক্তাই ধন্যবাদ জ্ঞাপন কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা ও সত্ৰ ন্যয়াধীশ আদালতক (South Salmara Mankachar District And Sessions Judge Court)।
Photo & Input: সামিম জাকাৰিয়া
Discussion about this post