ৰাসৰ (Raas Mahotsav) আনন্দৰ মাজতে ছয়গাঁৱত (Chhaygaon) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। শনিবাৰে নিশা ছয়গাঁৱৰ পটৰীখাটত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো (Road Accident)।
ছয়গাঁৱৰ পৰা ৰাস চাই উভতাৰ পথতে ই-ৰিক্সাসহ ৭ গৰাকী আৰোহী বাগৰি পৰিল কলহী নৈত (Kolohi River) ৷ নদীত পৰি সন্ধানহীন হৈছিল বিকাশ দাস নামৰ মাকেলি গাঁৱৰ প্ৰদ্যুণ্য দাসৰ ১১ মহীয়া কণমানি শিশুটি (11 Month Baby Died Drown Into River)।
বাকী ৬ গৰাকীৰ প্ৰাণৰক্ষা পৰে যদিও কণমানিটে হেৰুৱালে প্ৰাণ। কণমানি শিশুটি নৈত সন্ধানহীন হোৱাত নিশাৰ পৰা চলিছিল অভিযান। দেওবাৰে পুৱা SDRF-এ মৃত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/bhagalpur-kahalgaon-railway-station-watch-viral-video/12554/
Discussion about this post