Watch Viral Video: সদায়েই কোৱা হয় যে ৰে’ল লাইনেৰে পাৰ হওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগে, নহ’লে বিপদত পৰাৰ যথেষ্ট সম্ভাৱনা থাকে। প্ৰায়ে দেখিবলৈ বা শুনিবলৈ পোৱা ৰে’ল লাইনত সংঘটিত হোৱা দুৰ্ঘটনাৰ কথা। তাৰে কিছুমানৰ হয়তো প্ৰাণৰক্ষা পৰে, আন কিছুমানে হেৰুৱাই প্ৰাণ। এনে এক ঘটনা সংঘটিত হৈছে ভাগলপুৰৰ কাহালগাওঁ ৰে’ল ষ্টেচনত (Bhagalpur Kahalgaon Railway Station)।
ৰে’ল ষ্টেচনটোত এজন লোকে ৰে’ল লাইন পাৰ কৰি থকাৰ সময়ত কথমপি প্ৰাণৰক্ষা পৰে। বিহাৰৰ ভাগলপুৰত ৰে’ল পথত বেগত ৰে’ল লাইন পাৰ কৰিব লওঁতে এজন লোকে মৃত্যৰ মুখৰ পৰা বাচি আহে। এই অসাৱধানতাৰ বাবে ব্যক্তিজনে নিজৰ জীৱন বিপদাপন্ন কৰে আৰু ৰে’লখন তেওঁৰ ওপৰেৰে পাৰ হৈ যায়।
ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে (Social Media Viral Video) এই ঘটনাটোৰ ভিডিঅ’। ভিডিঅ’টো ভাগলপুৰৰ কাহালগাওঁ ৰে’ল ষ্টেচনৰ (Bhagalpur Kahalgaon Railway Station)। ষ্টেচনটোত এজন লোকে ৰে’লৰ এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ যাবলৈ অভাৰ ব্ৰীজৰ মাজেৰে যোৱাৰ পৰিৱৰ্তে ৰে’ল ট্ৰেক পাৰ হ’বলৈ এটা ছৰ্টকাট বাট লৈছিল। তেওঁ ট্ৰেকত ৰখাই থোৱা মালবাহী ৰে’লৰ তলৰ পৰা পাৰ হ’ব বিচাৰিছিল। কিন্তু ৰে’লৰ তলত অংশত যোৱাৰ লগে লগে হঠাতে ৰে’লখন আৰম্ভ হয় আৰু লোকজন ৰে’লৰ ট্ৰেকৰ মাজতে আবদ্ধ হৈ পৰিল।
बच गया रे भाई! वीडियो देखकर शॉर्टकट मारना भूल जाइएगा. शख्स एक नंबर से दूसरे नंबर प्लेटफॉर्म पर मालगाड़ी के नीचे से निकलने ही वाला था तभी गाड़ी चल पड़ी. शख्स तो बाल-बाल बच गया लेकिन शॉर्टकट के चक्कर में जान भी जा सकती थी. वीडियो- कहलगांव स्टेशन का है. भागलपुर से निभाष चंद्र मोदी. pic.twitter.com/Oa7SQlnfLW
— Prakash Kumar (@kumarprakash4u) November 10, 2022
ভিডিঅ’টো ভাগলপুৰৰ কাহালগাওঁ ৰে’ল ষ্টেচনৰ (Kahalgaon Railway Station)। এই ষ্টেচনত এজন ব্যক্তিয়ে ৰে’লৰ এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ যাবলৈ অভাৰ ব্ৰীজৰ মাজেৰে যোৱাৰ পৰিৱৰ্তে ৰে’ল ট্ৰেক পাৰ হ’বলৈ এটা চৰ্টকাট বাট লৈছিল। তেওঁ ট্ৰেকত ৰখাই থোৱা মালবাহী ৰে’লৰ তলৰ পৰা পাৰ হ’ব বিচাৰিছিল (Person Tried To Cross The Rail Track From Under The Train)। কিন্তু ৰে’লৰ তলেৰে পাৰ হ’বলৈ ধৰোতে হঠাতে ৰে’লখন চলিবলৈ আৰম্ভ কৰে যাৰ ফলত লোকজন ৰে’লৰ ট্ৰেকৰ ট্ৰেকৰ মাজতে আবদ্ধ হৈ পৰে।
ভিডিঅ’টোত স্পষ্টকৈ শুনা গৈছে যে ওচৰত থকা লোকসকলে লোকজনক ট্ৰেকত শুই যাবলৈ চিঞৰি কয় আছে। মানুহজনে মূৰ তল কৰি ট্ৰেকত শুই থাকে আৰু তেওঁৰ ওপৰেৰে গোটেই মালবাহী ৰে’ললখনে পাৰ হৈ যায়। অৱশ্যে, ৰে’লখন পাৰ হৈ যোৱাৰ পাছতো, লোকজন সম্পূৰ্ণ সুৰক্ষিতভাৱে ৰে’লৰ ট্ৰেকৰ পৰা ওলায় আহে। ইয়াৰ পিছত ঘটনাস্থলীত উপস্থিত লোকসকলে স্বস্তিৰে উশাহ লয়।
Photo: Twitter
Discussion about this post