ৰাজ্যৰ চিকিৎসাখণ্ডত (Assam Health Department) ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈয়ে আছে। মাজুলীৰ পিছত এইবাৰ নগাঁৱৰ ত্ৰিনয়ন হাস্পতালত (Nagaon Trinayan Hospital) এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰসূতিসহ নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি (Mother And Infant Died)।
২০ অক্টোবৰত দীপিকা বৰা নামৰ এগৰাকী প্ৰসূতি মহিলাক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে। লগতে প্ৰসূতিগৰাকীৰ শিশুৰো মৃত্যু হয়। দুয়োৰে মৃত্যুৰ পিছত চিকিৎসালয়খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। হাস্পতাল কৰ্তৃপক্ষক জবাব দিহি কৰিছে মৃত দীপিকা বৰাৰ পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকে অভিযোগ কৰা মতে চিকিৎসক সকলে দীপিকা বৰাৰ মৃত্যু হোৱা কথাটো পৰিয়ালৰ লোকৰ পৰা লুকুৱাই ৰাখিছিলে। আৰু তেওঁলোকক আই চি ইউ ত থকা দীপিকা বৰাক লগ কৰিবলৈ দিয়া নাছিলে। ঘটনাৰ পিছত পৰিয়ালৰ মাজত কান্দোনৰ ৰোল।
দীপিকা বৰাৰ মৃত্যুৰ খবৰ জানিব পাৰি পৰিয়ালৰ একাংশ লোক উপস্থিত হৈ চিকিৎসালয়খনৰ প্ৰায়বোৰ সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে।
পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি শুকুৰবাৰৰ দিনটোৰ পৰা দীপিকা বৰাক চিকিৎসা প্ৰদান কৰা চিকিৎসকজন হাস্পতালখনত উপস্থিত হোৱা নাছিলে।
প্ৰসূতিগৰাকীৰ লগতে নৱজাতকৰ মৃতদেহ চিকিৎসালয়খনৰ আই চি ইউত শুকুবাৰৰ নিশাৰ পৰা আৱদ্ধ কৰি ৰাখি থোৱাৰ ঘটনাক লৈয়ে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ চিকিৎসালয়ৰ চৌহদত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷
Photo & Input: ৱাহিদুদ জামান
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-bad-habit-of-moving-legs-while-sitting/12396/
Discussion about this post