খাদ্য খোৱাক লৈ এক বিশেষ ‘চেলেঞ্জ’। যদি খাব পাৰে তেন্তে ১০,০০০ টকা পুৰস্কাৰ আৰু নোৱাৰিলে সেই খাদ্যৰে দিব লাগিব মূল্য। এই চৰ্ত ৰাখি দিয়া হৈছিল এক চেলেঞ্জ।
মহানগৰীৰ খ্ৰীষ্টানবস্তিত চেণ্ট্ৰেল মলত (Central Mall) থকা বিৰিয়ানী কিংডমত (The Biryani Kingdum) আজি এবছৰ পূৰ্বে ঘোষণা কৰিছিল এই প্ৰতিযোগিতা। কিন্তু বিগত এবছৰে কোনেও বাজিটো পূৰণ কৰিব পৰা নাছিল। ফলত ভৰিব লাগিছিল খাদ্যৰ মূল্য।
এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আহিছিল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বহু লোক। কিন্তু বহু দিগ্গজ প্ৰতিযোগীও এই চেলেঞ্জ পূৰণ কৰিব পৰা নাছিল। আনহাতে ১৪০ কিলো ওজনৰ লোকেও শেষ কৰিব পৰা নাছিল এই প্ৰকাণ্ড থালিখনৰ খাদ্য।
কিন্তু অৱশেষত মনিপুৰৰ ১৮ বছৰীয়া Nicholas kipgen নামৰ এজন যুৱকে আহি ৪৫মিনিটৰ প্ৰতিযোগিতাখন ২৯মিনিটতে সমাপ্ত কৰি শিৰত ৰাজমুকুট পৰিধান কৰে। থালিখন সম্পূৰ্ণৰূপে খাই শেষ কৰাৰ বাবে নিৰ্ধাৰণ কৰা সময় আছিল ৪৫ মিনিট। কিন্তু তেওঁ ২৯ মিনিটতে মহাৰাজা থালি খালী কৰি দিয়ে। আৰু ইয়াৰ পিছতে লাভ কৰে ১০ হাজাৰ টকা। দেওবাৰে নিকলাচক প্ৰদান কৰা হয় ১০ হাজাৰ টকাৰ চেক।
এতিয়া বিৰিয়ানী কিংডমে (The Biryani Kingdum) আপোনালোকৰ বাবে মুকলি কৰিছে পুনৰ এক চেলেঞ্জ। ৬০ মিনিটত আপুনি বুলেট থালি (Bullet Thali) খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন বুলেট। গতিকে আহক আৰু গ্ৰহণ কৰক বিৰিয়ানী কিংডমৰ চেলেঞ্জ।
Photo: Khatang Khobor
Discussion about this post