আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ (Bjp) অসম প্ৰদেশৰ নতুন কাৰ্যালয় (BJP’s New State Office At Basistha)। বশিষ্ঠত এই মুখ্য কাৰ্যালয় মুকলি কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (J P Nadda) আৰু অমিত শ্বাহে (Amit Shah)।
ৰাজ্যত মূল্যবৃদ্ধিৰ দিনতে প্ৰায় ৩৫ কোটি টকা ব্যয়ৰে ৰাজ্যিক বিজেপিয়ে সুবিশাল কাৰ্যালয় নিৰ্মাণ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধী আৰু সাধাৰণ জনতাৰ মাজত।
‘যিটো সময়ত এসাজ ভাতৰ বাবেও মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়ত বিজেপিয়ে ৰাজমহল সদৃশ ইমান বৃহৎ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ইমান কোটি টকা ক’ত পালে বুলিও প্ৰশ্ন কৰিলে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi)।
অসমত ১৫ বছৰ একেৰাহে শাসনত থাকিও কংগ্ৰেছৰ বাবে সম্ভৱ নোহোৱা এনে অত্যাধুনিক কাৰ্যালয় বিজেপিয়ে মাত্ৰ চাৰে ছয় বছৰৰ কাৰ্যকালতে কেনেদৰে নিৰ্মাণ কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে।
অখিল গগৈয়ে (MLA Akhil Gogoi) কয় যে বিগত কেইদিনমানৰ ভিতৰত গুৱাহাটীত বিজেপি-আৰএছএছে ৪টাকৈ সুবিশাল কাৰ্যালয় উদ্বোধন কৰিছে। আজিৰ দিনটোত বিজেপিয়ে ৩৫ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ৪০ খন বলেৰ’ আৰু ৮ খন স্কৰপিঅ’ গাড়ী বিতৰণৰ বাবে আনিছে। মাত্ৰ ৭ বছৰ শাসনত থাকিয়েই বিজেপিয়ে কিদৰে এনেদৰে প্ৰাসাদোপম অট্টালিকা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে।
Photo: Google
Discussion about this post