কথা দিছিল, টালি-টোপোলা বান্ধি ভাৰত এৰি বাংলাদেশলৈ যাব লাগিব অবৈধ বাংলাদেশী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশী বিতাৰণক লৈ নিৰ্বাচনী সভাতে দিছিল এই সকীয়নি। কিন্তু সেই কথা পুৰণি হ’ল এতিয়া। কাৰণ এতিয়া বাংলাদেশলৈ কি? প্ৰধানমন্ত্ৰীৰ মোডীৰ মন্ত্ৰীসভাতে এগৰাকী বাংলাদেশৰ নাগৰিকে স্থান পোৱাৰ অভিযোগক লৈ চলিছে তুমুল বিতৰ্ক।
কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া মন্ত্ৰীসভাত স্থান পোৱা কোচ বিহাৰৰ সাংসদ নিশিথ প্ৰামাণিকৰ নাগৰিকত্বলৈ উত্থাপিত হৈছে প্ৰশ্ন। মোডীৰ মন্ত্ৰীসভাত কোচবিহাৰৰ সাংসদ নিশিথ প্ৰামাণিকে লাভ কৰিছে ক্ৰীড়া, যুৱ কল্যাণ আৰু গৃহ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব।
কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত নিশিথ প্ৰামাণিকৰ নাগৰিকত্ব আৰু জন্মৰ স্থানকলৈ প্ৰশ্ন আৰু সন্দেহৰ অৱতাৰণা কৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিশিথ প্ৰামাণিকৰ জন্মস্থান বাংলাদেশৰ গাইবান্ধা জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হৰিনথাপুৰত।
কিন্তু নিৰ্বাচন আয়োগৰ হাতত জমা দিয়া তথ্যত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ঠিকনা কোচবিহাৰ বুলি উল্লেখ কৰিছিল।
কেৱল সিমানেই নহয় , সাংসদ গৰাকীয়ে দুটাকৈ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীত্ব লাভ কৰাৰ পিছত প্ৰামাণিকৰ সাফল্যত তেওঁৰ বাংলাদেশত থকা আত্মীয়ই প্ৰতিক্ৰিয়া পৰ্যন্ত প্ৰকাশ কৰিছিল।
আনফালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহৰ এনেবোৰ তথ্য প্ৰকাশিত বাতৰিৰ উদ্ধৃতিৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
BarakBanglaNews, RepublicTV Tripura, IndiaToday & Business Standard publishes, @NisithPramanik is a Bangladeshi national. Its a matter of grave concern that a foreign national is an incumbent union minister. Urging PM @narendramodi in a letter to conduct an enquiry to clarify it. pic.twitter.com/5Td0xIoG8n
— Ripun Bora (@ripunbora) July 17, 2021
প্ৰদেশ কংগ্ৰছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত ইণ্ডিয়া টুডে, ৰিপ্লাৱিক টিভি ত্ৰিপুৰা, বাৰাক বাংলা নামৰ সংবাদ প্ৰতিষ্ঠান কেইটাৰ বাতৰিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি নিশিথ প্ৰামাণিকৰ নাগৰিকত্বলৈ উঠা অভিযোগৰ তদন্ত দাবী কৰিছে।
Photo: Google
Discussion about this post