গুৱাহাটী মহানগৰীত (Guwahati) পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ প্ৰেমজনিত ঘটনা (Love Case)। প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ (Break Up) কৰাৰ বাবেই এজন যুৱকে প্ৰেমিকাক চুৰিৰে হানি-খুঁচি হত্য়াৰ অপচেষ্টা চলায় (Trying To Killed)।
ঘটনাটো সংঘটিত হৈছে নাৰেংগী সেনা শিবিৰত (Narengi Army Camp)। চুৰিকাঘাটত গুৰুতৰভাবে আহত হোৱা যুৱতীগৰাকী সম্প্ৰতি GMCHৰ ICUত মৃত্যুৰ সৈতে যুঁজি আছে। নাৰেংগী সেনা শিবিৰৰ A BLOCKৰ ৮নং ঘৰৰ বাসিন্দা অঞ্জলী বিশ্বাস আৰু একেটা চৌহদৰ বাসিন্দা ৰফিক আলী দুয়োৰে মাজত দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।
কিছুদিন পূৰ্বে প্ৰেমিকা অঞ্জলী বিশ্বাসে ৰফিক আলীৰ লগত প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰে। ইয়াতে ক্ষান্ত নাথাকি প্ৰেমিকা অঞ্জলীয়ে শীৰ্ষ সেনা বিষয়াৰ হতুৱাই প্ৰেমিক ৰফিক আলীক ঠিকা ভিত্তিক কামৰ পৰা অব্যাহতি দিয়াই।
ইয়াৰ পিছতে প্ৰেমিক ৰফিকে প্ৰেমিকা অঞ্জলীৰ ওপৰত ক্ষুণ্ণ হৈ পৰে আৰু বৃহস্পতিবাৰে সন্ধিয়া প্ৰেমিকা অঞ্জলীয়ে কামলৈ গৈ থকা অৱস্থাত পাছফালৰ পৰা আহি ৰফিক আলীয়ে মাটিত বগৰাই চুৰিৰে মুখ-পিঠি-বুকু আৰু পেটত নিৰ্বিচাৰে আঘাত কৰে।
সেই সময়ত কৰ্তব্যৰত সেনা জোৱানে ৰফিক আলীক কৰায়ত্ত কৰাৰ লগতে আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি GMCHত ভৰ্তি কৰোৱায়। ইপিনে সেনা বাহিনীয়ে অভিযুক্ত ৰফিক আলীক সাতগাঁও আৰক্ষীক গতাই দিয়ে (Satgaon Police)। আহত অঞ্জলী বিশ্বাসে চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে।
দুটা পৰিয়ালৰ কন্দলৰ পৰিণতিত ৰফিক আলীয়ে প্ৰেমিকাক চুৰিকাঘাত কৰা বুলি যুৱতীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়ে। লগতে যুৱক ৰফিক আলীৰ লগত যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি অস্বীকাৰ কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে।
ঘটনাসন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে সাতগাঁও থানাত (Satgaon Police) দাখিল কৰিছে এজাহাৰ। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Photo & Input: Ramesh Baishya
আৰু পঢ়কঃ https://khatangkhobor.com/news/guwahati-set-a-record-for-the-sale-of-liquor-during-durga-puja/12113/
Discussion about this post