Murder For Condom: ডাৰ্বান হাৰ্বাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই (Durban Cop In Court For Allegedly Murdering Her Boyfriend Over Condoms Receipt) তেওঁৰ প্ৰেমিকক গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাৰ কাৰণ হৈছে কণ্ডম…হয়, প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ দেখি ক্ষোভিত হৈ উঠা মহিলাগৰাকীয়ে প্ৰেমিকক গুলিয়াই কৰে হত্যা।
স্বতন্ত্ৰ আৰক্ষী অনুসন্ধান সঞ্চালকালয়ৰ (IPID) অনুসৰি, দেওবাৰে এই হত্যাকাণ্ড সংঘটিত হয়। IPIDৰ প্ৰবক্তা লিজি চুপিঙে ক’লে, “অভিযোগ উত্থাপন হৈছে যে মহিলা বিষয়াগৰাকীয়ে পেণ্টৰ পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ পিছত তেওঁৰ প্ৰেমিকৰ সৈতে তৰ্ক-বিতৰ্ক হৈছিল। তাৰ পিছত প্ৰেমিকাই নিজৰ পিষ্টলেৰে গুলিয়াই হত্য়া কৰে প্ৰেমিকক। অপৰাধটো সংঘটিত কৰিবলৈ এটা ৰাজ্যিক পিষ্টল ব্যৱহাৰ কৰা হৈছিল।
হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত মহিলা বিষয়াগৰাকীয়ে নিজকে আৰক্ষীৰ হাতত গতাই দিয়ে। মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আদালতত হাজিৰ কৰোৱা হয়, যদিও তেওঁ জামিনত মুক্তি লাভ কৰে। “আইপিআইডিৰ (IPID) তদন্ত চলি আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত সঞ্চালকালয়ে ফলাফলৰ বিষয়ে সিদ্ধান্ত ল’ব,” চুপিঙে কয়।
Photo: Google
Discussion about this post