অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ (Russia And Ukrainian War)। ৭ মাহতকৈ অধিক সময় ধৰি চলি আছে এই যুদ্ধ। কিন্তু ইয়াৰ মাজতে ইউক্ৰেইনৰ (Ukrainian Soldier) এজন সৈনিকৰ Before-After ফটোই সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে। ৭ মাহ ধৰি চলা এই যুদ্ধত ৰাছিয়াৰ সৈন্যই (Russian Army) ইউক্ৰেইনৰ কেইবাজনো সৈন্যক কাৰাগাৰত বন্দী কৰি ৰাখিছে। অলপতে বন্দী কৰি ৰখা এই সৈনিককেইজনৰ ভিতৰৰ ২১৫জনক মুকলি কৰি দিয়াৰ (205 Ukrainian Prisoners Of War Released Recently) পিছত এগৰাকী সৈনিকৰ স্বাস্থ্যৰ অৱস্থাই আপোনাকো ৰাছিয়াৰ বৰ্বৰতা কেনেকুৱা হ’ব পাৰে ভাবিবলৈ বাধ্য কৰোৱাব।
মাত্ৰ ৪ মাহৰ বন্দীত্বত কৰা অত্যাচাৰৰ পিছত ৰাছিয়াই মুকলি কৰি দিয়া ইউক্ৰেইনৰ সৈনিক মাইখাইলো ডায়েনভক (Mykhailo Dianov) কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত সৈনিকজনৰ চেহেৰাত হোৱা পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তোলে (Horrific Images Of Dianov)।
তেওঁৰ আগৰ আৰু এতিয়াৰ ফটোৰ ইমানে পাৰ্থক্য আছিল যে তেওঁক চিনিবলৈও কঠিন হৈ পৰে। টুইটাৰযোগে প্ৰচাৰ হোৱা এখন ফটোত ৰাছিয়াই মুকলি কৰি দিয়া মাইখাইলো ডায়েনভক অতি দুৰ্বল ৰূপত দেখা পোৱাৰ লগতে হাতত ঘাঁ আৰু মুখ ফুলি থকা দেখা পোৱা গৈছে। সংবাদ সংস্থা দ্য ছানৰ প্ৰতিবেদন অনুসৰি সৈনিকজনৰ সোঁহাতত প্ৰায় ৪ চেণ্টিমিটাৰ হাড় নোহোৱা হৈছে।
মাৰিপ’ল চহৰ ৰক্ষা কৰি থকাৰ সময়তে মাইখাইলো ডায়েনভক প্ৰায় ৪ মাহ ধৰি পুটিনৰ সেনাই বন্দী কৰি ৰাখিছিল। ডায়েনভৰ (Mykhailo Dianov) মুক্তিৰ পিছত ভাইৰেল হোৱা ফটোৱে (Mykhailo Dianov Photo Viral On Social Media) ৰাছিয়াৰ সেনাৰ বৰ্বৰতা প্ৰকাশ কৰিছে বুলি ছচিয়েলে মিডিয়াত চৰ্চা হৈ পৰিছে।
ইফালে মাইখাইলো ডায়েনভৰ ভগ্নী Alona Lavrushkoই জনাই যে ডায়েনভক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে Kyiv Military Hospital ভৰ্তি কৰোৱা হৈছে। তেওঁক দীঘলীয়া সময়লৈ চিকিৎসা কৰা হ’ব। লগতে তেওঁ কয় যে যেতিয়ালৈ মাইখাইলোৰ ওজন বৃদ্ধি নহয় তেতিয়ালৈ কোনোধৰণৰ অস্ত্ৰোপচাৰ কৰা নহ’ব।
Photo: Google
Discussion about this post