২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন কৰি ৭ দিনলৈ জেলত থাকিবলগীয়া হৈছিল ভিক্টৰ দাস (Victor Das)।
আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছিল ভিক্টৰ। কিন্তু জেলৰ পৰা ওলাই অহাৰ পিছতে টেট শিক্ষকৰ (Tet Teacher Job) চাকৰিৰ পৰা নিলম্বন কৰা হয় ভিক্টৰক (Victor Das Suspension From Tet Teacher Job)। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।
কমলপুৰৰ পানীটেমা ৰাধাকৃষ্ণ মিলন যুগল প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্ত হৈ থকা ভিক্টৰ দাসৰ (Victor Das) অপৰাধত একো নাছিল। কিন্তু ২৪ ঘণ্টাতকৈ অধিক সময় আৰক্ষীৰ জিম্মাত থকা বাবেই তেওঁক টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰা হয় বুলি মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Education Minister Ranoj Pegu)।
অৱশ্যে ভিক্টৰক চাকৰিৰ পৰা নিলম্বন কাৰৰ পিছতে বিভিন্নজনে ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ (Social Media Reaction) কৰি কয় যে- তেওঁৰ নিলম্বনে ক্ষতি কৰিছে তেওঁ পঢ়ুৱাই থকা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীকহে। কিয়নো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকেই দুদিন পূৰ্বে কৈছিল যে ভিক্টৰ ভাল শিক্ষক। তেওঁৰ বাবেই ল’ৰা ছোৱালীয়ে ইংৰাজী লিখিব-পঢ়িব জানিছে।
ইফালে জেলৰ পৰা ওলাই আহিয়েই ভিক্টৰ দাসে প্ৰথমটো লাইভ ভিডিঅ’ কৰে। লাইভ ভিডিঅ’টো (Live Video) এইখিনি কথা কয় উচুপি উঠে ভিক্টৰ- ‘মই তঁহতক কিমান ভালপাও বুজাব নোৱাৰিম ৰে…’
আৰক্ষীৰ জিম্মাত তেওঁক যেতিয়া সোধা-পোছা কৰি থকা হৈছিল, সেই সময়ত এক চেকেণ্ডৰ বাবেও ভয় খোৱা নাছিল ভিক্টৰে। কিন্তু দুখ লাগিছিল। অকলশৰীয়া মাকৰ কষ্টখিনি দেখি হিয়াই উচুপি উঠিছিল। আজি যদি তেওঁৰ দেউতাক জীয়াই থকা হ’লে…
পিতৃৰ ৰক্তাক্ত শৰীৰ নিজৰ চকুৰ সন্মুখত দেখাৰ পিছত এতিয়া আৰু কালৈকো ভয় নকৰে ভিক্টৰে। কি কৰিব? খুব বেছি মাৰি পেলাব? মাৰি পেলাওক! একো ভয় নাই!
ভিক্টৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিছে তেওঁৰ হৈ ওলাই নাহিবলৈ। অন্যায়ৰ বিৰুদ্ধে মাত মাতক, ঠিকে আছে। কিন্তু তেওঁৰ হকে ওলাই আহিব নালাগে। তেওঁ যদি মৰা বুলি গম পাই, তেন্তে ভূতনাথ শ্মশানলৈ আহিলেই হ’ল। কাৰণ তাতেই তেওঁৰ চিতা জ্বলাব, যিদৰে দুবছৰ পূৰ্বে দেউতাৰ চিতা জ্বলোৱা হৈছিল!
ভিক্টৰে লগতে লগতে কান্দি কান্দি কয় যে- মই বেয়া মানুহ নহয় ৰে…মই বেয়া মানুহ নহয়! দালালবোৰে ২ দিন জিম্মাত থাকি ওলাই আহিছে, আৰু মই ৭ দিন থাকিবলগীয়া হৈছে।
Photo: Google
Published By: Dulu Medhi
Discussion about this post