বঙাইগাঁও (Bongaigaon) জিলাৰ কোকিলা আৰক্ষী (Kokila Police) নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দাৰুল উলম আফাকুল ইছলাম মাদ্ৰাছাত গা ধোৱা কোঠাত চিপ লৈ আত্মহত্যা (15 Years Old Student Commited Suicide For Mobile) কৰে এজন ছাত্ৰই। আত্মহত্যা কৰা ছাত্ৰজন নোৱাগাঁৱৰ হায়েত আলীৰ পুত্ৰ আছাদুল ইছলাম (১৫)।
ছাত্ৰজনে প্ৰেমিকাৰ সৈতে কথা পাতিবলৈ লগত মোবাইলটো ৰাখিছিল কিন্তু মাদ্ৰাছাখনত (Madrassa) মোবাইল নিষিদ্ধ আছিল। সেয়ে ছাত্ৰজনৰ পৰা শিক্ষকে মোবাইল ফোনটো কাঢ়ি লৈ যায়। যাৰ ফলত মানসিকভাবে ভাঙি পৰে ছাত্ৰজন আৰু আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।
ঘটনাস্থলীত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু দণ্ডাধীশ উপস্থিত হয়। মাদ্ৰাছাখনত পৰ্যাপ্ত অনুশাসন নাই বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষগৰাকীয়ে। ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।
Photo & Input: জেহেৰুল ইছলাম
Discussion about this post