তামুলপুৰ জিলা গঠনক লৈ লগতে ভেৰগাঁৱক অৰ্ন্তভুক্ত নকৰাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য- তেনেকুৱা একো নাই, আচলতে চৰকাৰে তামুলপুৰ মহকুমাখন জিলা পৰ্যায়লৈ প্ৰমোচন কৰিছে।
তামুলপুৰ মহকুমা জিলা হ’ব কিন্তু ভেৰগাঁৱৰ মহকুমাৰ কোনো লেনদেন নায়। চৰকাৰে কেতিয়াবা ভেৰগাঁও জিলা কৰিব।
‘মূল্যবৃদ্ধিটো হ’বয়ে উৎপাদনকাৰীয়ে নিজৰ উচিত মূল্য বিচাৰিব। গতিকে সকলোৱে কাম নকৰি কিনি খাব খুজিলেটো সেইটোৱেই অৱস্থা হ’ব। কিন্তু আগৰ দিনত সকলোৰে ঘৰত খাবলৈটো চবজি থাকিছিলে আৰু সেইটোৰ কাৰণে মূল্যবৃদ্ধিৰ কথা গম পোৱা নাছিলে। আগতে বজাৰতো ইমান মূল্য নাছিল। কিন্তু আজিকালি যিহেটো উৎপাদনৰ খৰচ, অনা-নিয়াৰ খৰচ, খেতি কৰিলেটো সাৰ দিবই লাগে।’ মূল্যবৃ্দ্ধিক লৈ আজৱ মন্তব্য বিশ্বজিৎ দৈমাৰীৰ।
‘চৰকাৰক ৰাজহ লাগিব। দেশখন চলাব লাগিব।’- পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈও গা এৰা মন্তব্য অধ্যক্ষগৰাকীৰ।
Photo: Khatang Khobor
Discussion about this post