এক কৰুণ ঘটনাই (Tragic Incident) মুহূৰ্ততে থানবান কৰিলে এটা পৰিয়াল। ৰাজস্থানৰ (Rajasthan) চিকৰ (Sikar) জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো। পিতৃৰ মৃতদেহ সৎকাৰৰ পিছতে কন্যাৰ মৃতদেহো সৎকাৰ কৰিবলগীয়া হয়। এই ঘটনাটোৰ পিছতে সকলোৰে চকু সেমেকি উঠে।
টোলগেটৰ কৰ্মচাৰী আৰু এজন ট্ৰাক চালকৰ মাজত হোৱা কাজিয়াৰ (Toll Gate Worker And Truck Driver Clash) বাবেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো। ট্ৰাকৰ চালকে ডুজোদ টোলগেটত টকা পৰিশোধ নকৰাৰ বাবে টোল কৰ্মী আৰু ট্ৰাকৰ চালকৰ মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল। তাৰ পিছতে ট্ৰাক চালকজনে টোলগেটত কৰ পৰিশোধ নকৰাকৈয়ে ট্ৰাকখন দ্ৰুতবেগেৰে চলাই লৈ যায় আৰু সেই সময়তে সন্মুখৰ পৰা আহি থকা এখন বাইকত খুন্দা মাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটোত বাইক আৰোহী কাশীৰ বাছ গাঁৱৰ হৰফুল বালাই সিং (৩৯) আৰু তেওঁৰ জীয়ৰী পূজা (১৮) দুয়োজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোৰ পিছত দুয়োগৰাকীকে প্ৰথমে কল্যাণ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁলোকক পিছত জয়পুৰলৈ প্ৰেৰণ কৰা হয়।
পিতৃ হৰফুল সিঙৰ আদবাটতে মৃত্যু ঘটাত পৰিয়ালৰ সদস্যসকলে মৃতদেহটো কল্যাণ চিকিৎসালয়লৈ ঘূৰাই আনে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়াল আৰু গাওঁবাসীয়ে মঙলবাৰে আবেলি শেষকৃত্য সম্পন্ন কৰে।
ইফালে পিতৃৰ শেষকৃত্য সম্পন্ন হোৱাৰ ক্ষন্তেক পিছতে হাস্পতালত মৃত্যু ঘটে কন্যা পূজাৰো। যাৰ ফলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৰফুল সিঙে শ্ৰমিক হিচাপে কাম কৰি আছিল।
Photo: News8 Northeast
Discussion about this post