অমৰা (Ambarella) Health Benefits: অমৰা শৰীৰৰ বাবে বহু উপকাৰী। অমৰা প্রচুৰ পৰিমাণে ভিটামিন চি, আয়ৰন, কেলচিয়াম আৰু ফাইবাৰ থাকে, যিবোৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। পুষ্টিগুণক লৈ আলোচনা কৰিবলৈ গ’লে অমৰা ফলৰ কোনো তুলনাই নহয়।
আহক জানো অমৰা (Ambarella)ৰ লাভালাভবোৰ কি কি?
১. অমৰাত প্রচুৰ পৰিমানে ভিটামিন চি থকাত ইয়াক খালে স্কার্ভি ৰোগৰ পৰা বাচিব পৰা যায়।
২. অমৰা ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটি অত্যাৱশ্যকীয় ভিটামিন আৰু প্রাকৃতিক এন্টিঅক্সিডেন্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা দূৰত থাকিব পৰা যায়।
৩. কেঞ্চাৰৰ দৰে ৰোগৰ বিৰুদ্ধেও শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তোলে অমৰাই।
৪. বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধেও যুঁজ দিয়ে অমৰাই।
৫. কেলচিয়ামৰ ভাল উৎস অমৰা। ইয়াত পর্যাপ্ত পৰিমাণত কেলচিয়াম আছে, যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে। সেয়ে শিশুসকলক নিয়মিত ফলবিধ খুৱাব লাগে।
৬. অমৰাত প্রচুৰ পৰিমাণে আয়ৰন থকাৰ কাৰণে ই ৰক্তহীনতা ৰোধত কার্যকৰী ভূমিকা পালন কৰি থাকে। লগতে হিমগ্লবিনৰ মাত্রা সঠিক পর্যায়ত ৰাখে।
৭. অমৰাত পেকটিন জাতীয় ফাইবাৰ থাকে, যিয়ে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। সেয়ে প্রতিদিনে এই ফলবিধ খাবলৈ চেষ্টা কৰক।
৮. চর্দি-কাহ-জ্বৰৰ উপশমতো অমৰা অত্যন্ত উপকাৰী। বিভিন্ন ভাইৰাছৰ আক্রমণৰ পৰা ৰক্ষা কৰাৰ উপৰি অমৰাই চর্দি, কাহ, ইনফ্লুয়েঞ্জা ৰোগৰ জীবাণুৰ বিৰুদ্ধে কাম কৰে। যাৰ ফলত নানা সংক্রমণৰ পৰা সহজেই বাচি থকা যায়।
৯. অমৰাত প্রচুৰ এণ্টিঅক্সিডেণ্ট থাকে যি কলেস্টেৰলৰ মাত্রা হ্ৰাস কৰে। সেয়ে অমৰা খালে সার্বিক হৃদস্বাস্থ্যৰ বাবেই উপকাৰী।
১০. লগতে অসুস্থ লোকসকলৰ মুখৰ স্বাদ ঘূৰাই আনে অমৰাই।
১১. অমৰা (কেচাঁ) চকলিয়াই উঠি সেইখিনি ২৫ মিলিলিটাৰ পানীত তিয়াই ৰাখি তাত অলপ নিমখ আৰু চেনি মিহলাই একেৰাহে দিনে ২-৩ বাৰকৈ ৪-৫ দিন খালে গ্ৰহণী ৰোগ ভাল হয়।
১২. অমৰাই প্ৰস্ৰাৱৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায়।
১৩. বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে।
১৪. ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে ৷
১৫. বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব ভালদৰে পাৰে অমৰাই।
১৬. অমৰাত থকা ভিটামিন ‘এ’ আৰু ই’ একলগ হৈ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে।
১৭. দাঁতৰ আলু শক্তিশালী কৰাত সহায়ক। তদুপৰি আলুৰ পৰা তেজ-পুঁজ আদি প্ৰতিৰোধ কৰে অমৰাই।
১৮. ভিতৰতকৈ বাহিৰত অর্থাৎ বাকলিত ভিটামিন ‘চি’ বেছি থাকে অমৰাৰ। সেইবাবে অমৰা খাওক আৰু সুস্থ থাকক।
অমৰাৰ কেৱল ফলেই নহয়- ইয়াৰ পাত, গছৰ বাকলি, ফুল আৰু শিপাৰো অনেক গুণ আছে আৰু বিশ্বৰ নানান গৱেষণাগাৰত তাৰ সত্যতা প্ৰমাণিত হৈছে ৷ অমৰাৰ বৈজ্ঞানিক নাম হৈছে স্পণ্ডিয়াছ মেংগিফেৰা।
Photo: Google
Discussion about this post