ৰাজ্যত চলি থকা চৰকাৰী বিদ্যালয়ৰ (Govt School) মাধ্যম সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে এই বিষয়টোক লৈ সদৌ অসম ছাত্ৰ সন্থা (আছু)ই (AASU) কৰা বিৰোধিতা কৰা সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কয় যে- ‘আমি দল-সংগঠনক সুধি সিদ্ধান্ত নলও। চৰকাৰক সমালোচনা কৰাসকল বিদ্যালয়লৈ নাযায়। আমি শিক্ষক-শিক্ষাৰ্থী বা অভিভাৱকৰ কথাহে শুনিম।’
লগতে তেওঁ কয় যে- ‘আছুক (AASU) সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়, তেতিয়া মই আছুৰ অফিচত গৈ বহি থকাই ভাল হ’ব।’
সংবাদ মাধ্যমৰ সন্মুখত লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘আমাক ভোট দিয়া ৰাইজৰ কথা ভাবিহে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। সাধাৰণ ঘৰৰ লৰা-ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা কাৰ্য এৰক। আজি সাহিত্য সভাৰ বিষয়ববীয়াই নিজৰ ল’ৰা-ছোৱালী ক’ত পঢ়োৱাইছে? তেওঁলোকৰ সন্তানো চৰকাৰী বিদ্যালয়ত নপঢ়ে। অসম সাহিত্য সভাৰ সভাপতি কুল শইকীৰ ল’ৰা ইংৰাজী মাধ্যৰ বিদ্যালয়ত পঢ়িছে। নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত দি, ৰিক্সা চালক ঠেলা চালকৰ ল’ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ নকৰিব। মোৰ ল’ৰাও ইংৰাজী মাধ্যমত পঢ়িছে।
উল্লেখ্য যে, চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সৈতে অসমৰ জাতীয় দল-সংগঠনে বৈঠকত মিলিত হৈছে যদিও ইয়াৰ কোনো সমাধান সূত্ৰ উলোৱা নাই।
Photo: Google
Discussion about this post