Onion Benefits: পিঁয়াজ বহুতো গুণেৰে সমৃদ্ধ। যিকোনো ৰন্ধন প্ৰণালীৰ সোৱাদ বঢ়াবলৈ কেৱল পিঁয়াজে যথেষ্ট। কিন্তু জানেনে কেৱল ৰন্ধা-বঢ়াৰ ক্ষেত্ৰতে নহয় আৰু বিভিন্ন ক্ষেত্ৰত ই অতিকে উপকাৰী। পিছে তাৰ আগতে পঢ়ি লওক কি কি আছে এই সাধাৰণ পাচলিবিধৰ অসাধাৰণ গুণাগুণ।
পিঁয়াজ (Onion)ৰ আশ্চৰ্যকৰ লাভালাভবোৰ কি কি-
১. পিঁয়াজে ওজন হ্ৰাস কৰাত সহায় কৰে। ৰঙা পিঁয়াজত ক্ৰেকেৰিন থাকে। কেলৰি কম, দ্ৰৱণীয় ফাইবাৰৰ উৎস হৈছে ৰঙা পিঁয়াজ। আপুনি পিঁয়াজৰ চুপ বনাব পাৰে। কেলৰি কম হোৱাৰ লগতে ওজন হ্ৰাস কৰাত যথেষ্ট সহায়ক।
২. পিঁয়াজত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে ৷ যাৰ ফলত বিপাকৰ (Metabolism) হাৰ বৃদ্ধি পায় ৷ সেয়েহে পিঁয়াজৰ ৰস খোৱাৰ ফলত ওজন হ্ৰাস হয় ৷ ৰাতিপুৱা খালী পেটত মৌ আৰু পিঁয়াজৰ ৰস শৰীৰৰ ওজন হ্ৰাস কৰাত কাৰ্যকৰী হয় ৷
৩. ওজন হ্ৰাসৰ বাবে চালাড অতুলনীয়। চালাডত কেৰামেলযুক্ত পিঁয়াজ, এফালে, ওজন নিয়ন্ত্ৰণ কৰা হয়। হজমৰো উন্নতি হয়।
৪. পিঁয়াজে আপোনাক ছান ষ্ট্ৰোক আৰু ৰ’দত পোৰাৰ পৰা ৰক্ষা কৰে।
৫. পিঁয়াজত ‘শৰীৰ ঠাণ্ডা কৰা, ফাইবাৰেৰে সমৃদ্ধ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, হৃদযন্ত্ৰক সুস্থ কৰি ৰখা, এন্টি-বেক্টেৰিয়েল গুণ, এন্টিঅক্সিডেন্টেৰে সমৃদ্ধ’। যদিহে আপুনি নিজক ৰোগমুক্ত কৰি এক সুস্থ স্বাস্থ্যৰ অধিকাৰী হ’ব খুজিছে তেন্তে নিয়মিতৰূপে পিঁয়াজ খোৱা আৰম্ভ কৰক।
৬. চিকিৎসকৰ মতে নিয়মিতৰূপে আহাৰৰ সৈতে পিঁয়াজ খালে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৭. পিঁয়াজত প্ৰচুৰ পৰিমানে এণ্টিঅক্সিটেণ্ট আৰু ভিটামিন চি থাকে যি কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ৰঙা পিয়াঁজ খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায় বুলি কানাডাৰ এটা গৱষেকৰ দলে কৰা এক গৱেষণাত প্ৰকাশ পাইছে।
৮. কেৱল কেঞ্চাৰ প্ৰতিৰোধে নহয় চিকিৎসকৰ মতে নিয়মিতৰূপে পিঁয়াজ খালে আন বহু ৰোগৰ পৰাও আমি হাত হাৰি থাকিব পাৰো।
৯. গ্ৰীষ্মকালত পিয়াঁজ খালে হাৰ্টষ্ট্ৰ’ক অহাৰ পৰাও বাচি থাকিব পাৰি।
১০. চুলিৰ গুৰিত পিঁয়াজৰ ৰসেৰে মালিচ কৰিলে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ গুৰি মজবুত হয়।
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-gooseberry-benefits-for-health/11012/
১১. পিঁয়াজ খালে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায়। পিঁয়াজে আমাৰ দেহৰ তেজ শোধন কৰাতো যথেষ্ট সহায় কৰে।
১২. গৰমত ৰাস্তাত ওলাই যোৱাৰ আগতে আপুনি কেঁচা পিয়াজ খাব। ই আপোনাক তাপপ্ৰবাহৰ পৰা সুৰক্ষিত কৰিব।
১৩. যদি কোনোবাই চাহৰ প্ৰতি আসক্ত হয়, তেওঁ দিনত এবাৰকৈ পিঁয়াজৰ বাকলি মিহলি কৰিব পাৰে আৰু চাহ খাব পাৰে। পিঁয়াজৰ বাকলিত ভিটামিন ‘এ’ সহ আন কেইবাটাও পুষ্টি থাকে যি দৃষ্টিশক্তি বৃদ্ধি কৰাত যথেষ্ট সহায়ক। ইয়াৰ উপৰিও, নিয়মীয়াকৈ পিঁয়াজ দিয়া চাহ খোৱাৰ ফলত শুকান ছালৰ সমস্যাও আঁতৰ হয়। কাৰণ ই ছালৰ নতুন কোষ গঠনত সহায় কৰে।
১৪. পিঁয়াজ এটা কাটি বিচনাৰ ওচৰত ৰাখি শুই থাকিলে তাৰ পৰা চৰ্দি কাহৰ ৰোগৰ পৰা মুক্তি পাব পাৰিব। পিঁয়াজৰ এন্টি-বেক্টেৰিয়েল গুণ আছে। যাৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সকাহ পোৱা যায়। ইয়াৰ বাবে এটা পিঁয়াজ চাৰিটা ভাগত কাটি বিচনাৰ ওচৰত ৰাখি শুই যাব লাগে।
১৫. পিঁয়াজ এটা কাটি ছালত লগালেও ছালখন বহুত উপকৃত হ’ব। পিঁয়াজৰ ৰসত চালফাৰ পোৱা যায়। গতিকে চুলিত পিঁয়াজৰ ৰস লগালে চুলিও ডাঠ আৰু ক’লা হৈ পৰিব।
১৬. পিঁয়াজে ভৰি বিষমুক্ত কৰে। ইয়াৰ বাবে পিঁয়াজ এটা টুকুৰা টুকুৰ কৰি ভৰিৰ তলুৱাত ৰাখি মোজা পিন্ধিব লাগে। ভৰি দুখন এনেকৈ ৰাতিটো ৰাখিব। ইয়াৰ ফলত ভৰি দুখন বিষমুক্ত হয় আৰু লগতে তেজ চলাচল বৃদ্ধি পায়।
১৭. গেষ্ট্ৰিক চিনড্ৰম আৰু কোষ্ঠকাঠিন্যত পিঁয়াজ খোৱাটো উপকাৰী। পিঁয়াজত থকা ফাইবাৰে পেট পৰিষ্কাৰ কৰাৰ কাম কৰে। ইয়াৰ বাহিৰেও পিৰিয়ডৰ সময়ত কেঁচা পিঁয়াজ খালে মহিলাসকলে লাভৱান হয়।
১৮. ঘৰৰ খিৰিকী-দুৱাৰ চাফা কৰাৰ ক্ষেত্ৰতো ই সহায়ক। পিঁয়াজৰ ৰসত বেকিং ছ’ডা আৰু পানী মিহলাই চাফা কৰিলে বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা নাইকিয়া হ’ব। ইয়াৰ উপৰিও কাপোৰৰ ওপৰত থকা কঠিন দাগবোৰো পিঁয়াজৰ সহায়ত পৰিষ্কাৰ কৰিব পাৰি।
১৯. পিঁয়াজ কাটি শুই বিচনাত ৰাখিলে মহ আৰু পোক-পৰুৱাৰ পৰাও মুক্ত হ’ব। সেয়েহে মহ-পতংগৰ সমস্যা দূৰ কৰাত পিঁয়াজ উপকাৰী। আপুনি মাত্ৰ মাজত পিঁয়াজ এটা কাটি আঁঠুৱাৰ ওচৰত ৰাখিব লাগিব।
২০. তেজৰ কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে বাবে পিঁয়াজ থ্ৰম্ব’ছিছ ৰোধ কৰিব পাৰে।
২১. কামোদ্দীপক হিচাপে নহৰুৰ পিছতে পিঁয়াজৰ স্থান। এচামুচ মৌৰ লগত অকনমান ভজা পিঁয়াজ মিহলাই খালী পেটত দৈনিক খাব লাগে। যৌনশক্তি বৃদ্ধি হ’ব।
২২. ছাল কটা-ছিঙা বা ছাল যোৱাত ৰক্তক্ষৰণ হ’লে বীজাণুৰ আক্ৰমণ হ’ব পাৰে। পিঁয়াজৰ ৰস লগাই দিলে বীজাণুৰ আক্ৰমণ নহয়।
২৩. বৰল,মৌ বা বিষাক্ত পৰুৱা আদিয়ে কামুৰিলে ইয়াৰ ৰস লগালে বিষ উপশম হয়।
২৪. কলেৰাত পৰা ৰোগীক প্ৰায় ৩০ গ্ৰাম পিঁয়াজ ৭টা জালুকৰ লগত একেলগে বাটি খাব লাগে। ই ৰোগীৰ পিয়াহ আৰু ছটফটনি কমায়। ই বমি আৰু শৌচৰ বেগ কমাই ৰোগীক আৰাম দিয়ে।
২৫. প্ৰস্ৰাৱ কৰোতে পোৰণি হ’লে ছয় গ্ৰাম পিঁয়াজ আধা লিটাৰ পানীত সিজাই পানী আধা হ’লে ঠাণ্ডা কৰি ৰোগীক খাব দিলে পোৰণিৰ উপশম হয়।
২৬. কাণৰ ৰোগত পিঁয়াজৰ ৰস পাতল কৰি অলপ গৰম কৰিব লাগে। কুহুমীয়া ৰস দুই-এটোপাল কাণত দিলে কাণৰ বিষ উপশম হয়।
Photo: Google
Discussion about this post