Gooseberry Benefits: পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। মানুহৰ দেহত প্ৰয়োজনীয় বিভিন্ন পোষক তত্ত্বৰ প্ৰায়খিনি আমলখিত পোৱা যায়৷ নিতৌ এটাকৈ আমলখি খালে বহু বেমাৰৰ পৰা আঁতৰি থাকিব পাৰি।
আহক জানো ইয়াৰ উপকাৰবোৰৰ বিষয়ে-
১. আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে।
২. ভিটামিন ‘চি’ৰ অভাৱত হোৱা খহুলা (Scurvy) ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়।
৩. অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়।
৪. নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়।
৫. চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিলে লাভা পোৱা যায়।
৬. একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়।
৭. আমলখিৰ ৰস ২/৩ চামুচ, এচামুচ মৌত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে।
৮. আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়।
৯. বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়।
১০. আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।
১১. আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।
১২. আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ লগতে ইয়াত থকা কেলচিয়ামে মানৱ শৰীৰৰ হাড়বোৰ মজবুত কৰি ৰাখে ৷
১৩. ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে ৷
১৪. আমলখিৰ গুড়ি নতুবা ৰস সেৱন কৰিলে পাচন প্ৰক্ৰিয়াও সক্ৰিয় হৈ থাকে ৷ ইয়াত থকা কেৰ’টিনে দৃষ্টিশক্তি বঢ়ায় ৷ আমলখি খালে মাংসপেশীৰ বিষৰ পৰা উপশম পাব পাৰি ৷
১৫. মৌ বা আদাৰ সৈতে ইয়াৰ ৰস সেৱন কৰিলে চৰ্দি, জ্বৰ, ফ্লু আদি নিৰাময় হয় ৷ ই আলচাৰ নিৰ্মূল কৰে ৷ ডায়েবেটিছ ৰোগীয়ে দৈনিক আমলখি খোৱাটো উত্তম ৷
১৬. আমলখি সেৱন বা ইয়াৰ ৰস চুলিত লগালে চুলিৰ উজ্জ্বলতা বঢ়ায়, চুলি নিজম হোৱাৰ লগতে চুলিত হোৱা উফি আঁতৰ কৰে ৷
১৭. প্ৰদূষণ বা আন কোনো কাৰণত যদি আমাৰ ছালখনত খজুৱতি বা দাগ পৰে তেন্তে আমলখি খোৱাটো ভাল।
ইফালে আমলখিৰ (Gooseberry) অপকাৰিতাবোৰ কি কি-
১. আমলখি ঠাণ্ডা হোৱাৰ বাবে চৰ্দি জাতীয় বেমাৰত অপকাৰী। গতিকে চৰ্দি জ্বৰ হ’লে আমলখি খাব নালাগে।
২. যিসকল লোকৰ নিম্ন ৰক্তচাপ ৰোগত ভুগি আছে সেইসকল লোকে আমলখি নাখাব। আমলখিয়ে ৰক্তচাপ আৰু নিম্ন কৰি পেলায়।
৩. আমলখিত প্ৰচূৰ পৰিমানে ভিটামিন চি থাকে যাৰ বাবে অধিক পৰিমানে আমলখি খালে প্ৰস্বাবৰ জ্বলা পোৰা হ’ব পাৰে। তাৰোপৰি অধিক আমলখি খোৱা কোনো লোকৰ প্ৰস্বাৱৰ পৰা দুৰ্গন্ধও ওলাব পাৰে।
৪. আমলখিয়ে কিছুলোকৰ এলাৰ্জি সমস্যাৰো সৃষ্টি কৰিব পাৰে। এনে সময়ত আমলখি খালে বমি, ছাল ৰঙাপৰা দৰে সমস্যাই দেখা দিব পাৰে।
সেয়ে এদিনতে অত্যধিক আমলখি খোৱাৰ সলনি নিতো একোটাকৈ আমলখি খালে ইয়াৰ পৰা কোনো অনিষ্ট নহয় বৰঞ্চ শৰীৰত বহু উপকাৰৰ কৰিব।
Photo: Google
Discussion about this post