এক চাঞ্চল্যকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে ছয়গাঁৱৰ (Chaygaon) বামুণীগাঁও (Bamunigaon) নিজ বগাইত। বোৱাৰীয়ে দাৰে ঘপিয়াই ঘপিয়াই হত্যা (Murder) কৰিলে শাহুৱেক সুশীলা বড়ো (৭৫) আৰু ঘৰত বন কৰা ছোৱালীৰ মাতৃক প্ৰতিভা ৰাভা (৫৫) (Daughter In Law Killed Mother In Law And Servant Mother)। নিহত মহিলাগৰাকীৰ ঘৰ পলাশবাৰীৰ (Palashbari) ৰাজাপাৰাত। লগতে দাৰে আক্ৰমণ কৰিছিল বন কৰা ছোৱালীজনীকো। বৰ্তমান হাস্পতালত জীৱন-মৃত্যুৰে যুঁজিছে শিৱানী ৰাভা (২৫) নামৰ ঘৰত বন কৰা ছোৱালীজনী। ইফালে বকো আৰক্ষীয়ে (Boko Police Arrest Women) গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী বোৱাৰী উত্তৰা বড়োক (৩৬)। মঙলবাৰে পুৱা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। অৱশ্যে উত্তৰা বড়োৱে কিয় এই ঘটনা সংঘটিত কৰিলে সেই তথ্য এতিয়াও লাভ কৰা নাই।
জানিবলৈ দিয়া অনুসৰি পাৰিবাৰিক কন্দলৰ বাবে পৰিকল্পিত আক্ৰমণ উত্তৰা বড়োৰ। কৰ্মসূত্ৰে স্বামী অশোক কুমাৰ বড়ো সৈতে উত্তৰা বড়ো থাকে গুৱাহাটীৰ ৰূপনগৰত। সোমবাৰে গোপনে হত্যাকাৰী উত্তৰা বড়ো আহে স্বামী গৃহলৈ। আৰু পুৱা উঠিয়েই জধে-মধে দাৰে আক্ৰমণ চলাই উত্তৰা বড়োই।
প্ৰায় দহ বছৰে ঘৰখনত কাম কৰা ছোৱালী হিচাপে আছে আহত শিৱানী বড়ো। নিহত প্ৰতিভা ৰাভা তিনিদিন পূৰ্বে কন্যা শিৱানীৰ খৱৰ ল’বলৈ আহিছিল নিজ বগাইলৈ। হত্যাকাৰীৰ উত্তৰা বড়োই আক্ৰমণ কৰা দাখন পেলাই দিয়ে এটা পুখুৰীত। পলায়ন কৰিব বিচৰা উত্তৰা বড়োক ৰাইজে ধৰি গটাই আৰক্ষীক। সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষীৰ (Boko Police) তদন্ত অব্যাহত। ঘটনাটোক লৈ বামুণীগাঁৱৰ নিজ বগাইত চাঞ্চল্য।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-papaya-leaves-health-benefits/10977/
Discussion about this post