প্ৰকৃততে কি ঘটিছে মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলত? কিহৰ তাড়নাত পৰি কিডনী বিক্ৰী কৰিব লগা হৈছে কেইবাটাও পৰিয়ালে?
ভুক্তভোগী পৰিয়ালক সাক্ষাত কৰি এইসমূহ প্ৰশ্নৰ উত্তৰৰ বাবেই বুধবাৰে পুৱাই দক্ষিণ ধৰমতুলত উপস্থিত হৈছিলগৈ স্থানীয় সাংসদ প্ৰদ্যুত বৰদলৈ।
কিন্তু গাঁওখনত উপস্থিত হৈয়েই এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ সাংসদজন। কিডনী বিক্ৰী কৰা দুৰ্ভগীয়া লোক থকা যিটো পৰিয়ালৰ ঘৰলৈয়ে সাংসদজন গ’ল, সেইটো পৰিয়ালৰেই ঘৰৰ দুৱাৰত একোটা তলা।
ক’লৈ গ’ল পৰিয়ালকেইটা। বেছি পৰ নালাগিল। ওলাল উৰহিৰ ওৰ। সাংসদ বৰদলৈৰ অভিযোগ,”মই আহিম বুলি জানিয়েই মন্ত্ৰী পিয়ুষ হাজৰিকাৰ নিৰ্দেশত আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালকেইটাক মতাই লৈ গ’ল থানালৈ।
কাৰণ মন্ত্ৰী কিম্বা চৰকাৰে বিচৰা নাই ভয়ংকৰ ঘটনাটোৰ প্ৰকৃত সত্য উদ্ঘাটন হোৱাটো”। সাংসদ প্ৰদ্যুত বৰদলৈৰ ষ্পষ্ট অভিযোগ, উচ্চ পৰ্যায়ৰ স্বাস্থ্য বিষয়া-চিকিতসক আৰু শীৰ্ষ ৰাজনীতিকৰ পৃষ্ঠপোষকতা নাথাকিলে সম্ভৱ নহয় এনেধৰণৰ কিডনীৰ বেহা।
আৰক্ষীয়ে কেইজনমানক গ্ৰেপ্তাৰ কৰিছে যদিও,বৰদলৈৰ দাবী এয়া কেৱল পুঠি খলিহনাহে। আৰক্ষী কাষেই চাপিব পৰা নাই ৰৌ বৰালীৰ।
অঞ্চলটোক প্ৰতিনিধিত্ব কৰা বিধায়ক তথা মন্ত্ৰী পিয়ুষ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছ সাংসদজনৰ প্ৰশ্ন, অত্যন্ত লজ্জাজনক এই ঘটনা পোহৰলৈ অহা কেইবাদিনো হ’ল যদিও ,আজিলৈকে উপস্থিত হোৱাহি নাই মন্ত্ৰী হাজৰিকা। কিয়?
সংবাদ মাধ্যমক সম্বোধন কৰি আছিল সাংসদজনে।ঠিক তেনে সময়তে হঠাত আহি উপস্থিত হোৱা একাংশ পুৰুষ মহিলাই সাংসদজনক বাধা প্ৰদান কৰি এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।
এজন বিজেপিৰ পঞ্চায়ত সভাপতিৰ নেতৃত্বত অহা লোকসকলে সাংসদজনক যি তি প্ৰশ্ন কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। সাংসদ বৰদলৈৰ অভিযোগ, মন্ত্ৰী পিযুষ হাজৰীকাৰ নিৰ্দেশতেই এইসকল বিজেপি কৰ্মীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
যিয়েই নহওঁক, দক্ষিণ ধৰমতুলৰ ভয়ংকৰ এই ঘটনাই চৰকাৰে সততে বজাই থকা উন্নয়নৰ ঢোলটো যে ফটা তাকেই উদঙাই দিলে।
Photo: Khatang Khobor
Discussion about this post