Rajasthan Bizarre Incident: ৰাজস্থানৰ যোধপুৰত (Rajasthan’s Jodhpur) সংঘটিত এক আজৱ ঘটনাত (Ajab Incident) এজন ৩৬ বছৰীয়া লোকে এক টকাৰ ৬৩টা মুদ্ৰা খাইছিল (Coins In Stomach)। ইয়াৰ পিছত ২৭ জুলাইত লোকজনৰ পেটৰ গুৰুতৰ বেমাৰ হোৱাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। পৰীক্ষা কৰাৰ পিছত, চিকিৎসকসকলে তেওঁৰ পেটত ধাতুৰ এটা মোঠা পাইছিল। অৱশ্যে, এটা এক্স-ৰেয়ে প্ৰকাশ কৰিছিল যে লোকজনে ১ টকাৰ ৬৩টা মুদ্ৰা খাই পেলাইছিল।
অস্ত্ৰোপচাৰৰ পিছত পেটৰ পৰা উলিওৱা হ’ল আটাইকেইটা মুদ্ৰা
এম.ডি.এম. চিকিৎসালয়ৰ চিকিৎসকৰ এটা দলে দুদিনীয়া অস্ত্ৰোপচাৰত এণ্ডোস্কোপিক প্ৰক্ৰিয়াৰ সহায়ত এজন লোকৰ পেটৰ পৰা মুদ্ৰা আঁতৰ কৰে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এচঅ’ডি (Gastroenterology) নৰেন্দ্ৰ ভাৰ্গৱে কয় যে পেটৰ বিষৰ (Stomach Pain) অভিযোগত এক্স-ৰে কৰাৰ পিছত এইটো গম পোৱা গ’ল যে হতাশাগ্ৰস্ত (Depression) অৱস্থাত ৩৬ বছৰীয়া পুৰুষ ৰোগীজনে দুদিনত ১ টকাৰ ৬৩টা মুদ্ৰা গিলিছিল (Doctor After Having Removed 63 Coins Of Rs One Rupees In Rajasthan)।
Around 63 ₹1 coins were removed from the stomach of 36-year-old man in Rajasthan's Jodhpur with the help of an 'endoscopic procedure'. The doctors who removed the coins in a two-day-long operation said the patient swallowed them in a state of depression.
😨 pic.twitter.com/tpSt2zSo4a— Tushar ॐ♫₹ (@Tushar_KN) July 31, 2022
এক্স-ৰেৰ পিছত জানিব পাই চিকিৎসকসকলে লোকজনক চিকিৎসা কৰিছিল।
ডাঃ নৰেন্দ্ৰ ভাৰ্গৱে কৈছিল, “লোকজনে পেটত তীব্ৰ বিষ হোৱাৰ অভিযোগ কৰিছিল। তেওঁ আমাক কৈছিল যে তেওঁ ১০-১৫টা মুদ্ৰা খাইছিল। যেতিয়া আমি পেটৰ এক্স-ৰে কৰিছিলো, আমি ধাতুৰ এটা মোঠা দেখিছিলো। আমি লোকজনৰ অস্ত্ৰোপচাৰ কৰিছিলো আৰু তেওঁ এতিয়া সুস্থিৰ হৈ আছে।” অৱশ্যে, চিকিৎসক ভাৰ্গৱে লোকজনক মানসিক চিকিৎসাৰ পৰামৰ্শ দিছিল কিয়নো তেওঁৰ হতাশাত থকা অৱস্থাত বস্তু খাই দিয়াৰ অভ্যাস আছে।
Photo: Zee News
Discussion about this post