লং (Clove) হ’ল এবিধ চিৰসেউজীয়া গুল্মজাতীয় ঔষধিগুণেৰে ভৰপূৰ মচলা জাতীয় উদ্ভিদ। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে আয়ুৰ্বেদিক চিকিৎসাত আৰু শৰীৰৰ বিভিন্ন ৰোগসমূহৰ প্ৰতিৰোধ হিচাপে লং ব্যৱহাৰ কৰি অহা হৈছে। ৰান্ধনি ঘৰৰো এবিধ লাগতীয়াল মছলাৰূপে লং অন্যতম।
আহক জানি লও লং (Clove)ৰ লাভালাভবোৰ কি কি?
১. দাঁতৰ ৰোগৰ (Teeth Disease) নিৰাময়ৰ বাবে লং (Clove) তেল বহু উপকাৰী। লঙে মুখৰ দুৰ্গন্ধ আঁতৰ কৰে। দাঁতৰ বিষ লং তেলে নিৰাময় কৰে আৰু দাঁতৰ আলুত হোৱা সংক্ৰমনো দূৰ কৰে।
২. মূৰৰ বিষৰ (Headache) লং (Clove) উপকাৰী। লং বটি প্ৰলেপ বনাই তাত অলপমান নিমখ মিহলাই মূৰত লগালে বিষ হ্ৰাস হয়।
৩. কানৰ বিষৰ (Ear Pain) বাবে লং উপকাৰী। কান বিষ হ’লে লং তেল ২/৩ টোপাল কাণত দিলে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৪. পেটৰ সমস্যা যেনে পেটৰ বিষ, এচিডিটি, বদহজমি, অজীৰ্ণ, বায়ু সমস্যা আদি ৰোগৰ লঙে নিৰাময় কৰে।
৫. ছালৰ খজুৱতি (Skin Itching) ৰোগৰ বাবে লং (Clove) যথেষ্ট উপকাৰী। ছালত খজুৱতি হ’লে লং তেল লগালে খজুৱতিৰ পৰা সকাহ পাব পাৰি।
৬. লঙে ডায়বেটিছ (Diabetes) ৰোগ নিয়ন্ত্ৰণত ৰাখে।
৭. লঙৰ ব্যৱহাৰে শৰীৰৰ বেক্টেৰিয়াসমূহ নাশ কৰে।
৮. কাঁহ, ডিঙিৰ সুৰ-সুৰনি আদি ৰোগৰ বাবে লং উপকাৰী। কুহুমীয়া পানীৰ সৈতে লং উতলাই সেই পানীৰে কুলুকুলু কৰিলে কাঁহ নিৰাময় হয়।
৯. শৰীৰৰ হাড়ৰ বিষ, মাংস পেশীৰ বিষো লঙে আঁতৰ কৰে।
১০. বমি বমি (Vomiting) লাগি থকা ভাব লঙে দূৰ কৰে। লঙৰ সৈতে মৌ ৰস মিহলাই সেৱন কৰিলে বমি ভাৱ দূৰ হয়।
১১. চুলি সৰা (Hair Fall) হ্ৰাস কৰা আৰু চুলিৰ ঘনত্ব বঢ়োৱাত লং যথেষ্ট উপকাৰী।
১২. লং কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধ। লং খালে শৰীৰত কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
১৩. লিভাৰৰ ৰোগ (Liver Disease) নিৰাময়ৰ বাবে লং উপকাৰী। লঙত থকা এণ্টিঅক্সিডেণ্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়। লিভাৰৰ চিৰচিচ ৰোগ প্ৰতিৰোধ কৰে।
১৪. ছালৰ সমস্যা (Skin Problem) শালমইনা, মুখৰ দাগ আদি লঙে আঁতৰ কৰে।
১৫. হাঁপানি বা এজমা ৰোগৰ বাবে লং উপকাৰী। পানী উতলাই তাত ৫/৬ টা লং আৰু মৌ ৰস মিহলাই দিনত তিনিবাৰকৈ তিনি –চাৰি দিন খালে এই ৰোগৰ সকাহ পাব পাৰি।
১৬. পিত্ত ৰোগ আৰু গেষ্ট্ৰিক ৰোগৰ বাবেও লং উপকাৰী।
১৭. শৰীৰ ফুলা নিৰাময়ৰ বাবে লং (Clove) খুব উপকাৰী। শৰীৰৰ কোনো অংশ ফুলিলে লং সেৱনৰ দ্বাৰা উপকাৰ পাব পাৰি।
১৮. লঙে কৃমি (Worm) নাশ কৰে।
১৯. লঙে তেজ পৰিশোধন (Blood Detoxify) কৰে।
২০. লঙে (Clove) খোৱাৰ ৰুচি বঢ়ায়।
২১. যিসকলৰ অনবৰত হিকটি আহি থাকে তেওঁলোকৰ বাবে লং উপকাৰী।
২২. পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
২৩. শালমইনাৰ সমস্যা থকা লোকে মুখত লঙৰ তেল সানিলে এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰে। লঙৰ তেলত থকা এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ছেপ্টিক গুণে শালমইনা, মুখত গুটি ওলোৱা সমস্যা দূৰ কৰাত সহায় কৰে।
২৪. লঙত যথেষ্ট মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায় ৷ এণ্টিঅক্সিডেণ্টে শৰীৰৰ পুৰণি ৰোগ বৃদ্ধি কৰা অক্সিডেটিভ কমোৱাত সহায় কৰে ৷
২৫. লঙে হাড় শক্তিশালী কৰাত সহায় কৰে। বৰ্তমান সময়ত বেছিসংখ্যক লোকৰে হাড়ৰ সমস্যা থকা দেখা যায় । হাড়ৰ দুৰ্বলতা বা বিষ থকা লোকে লং খালে যথেষ্ট উপকৃত হ’ব পাৰে।
২৬. লঙে কর্মোদ্যম বৃদ্ধি কৰে। শৰীৰ আৰু মনৰ ক্লান্তি উপশম হয়। যৌন শক্তি বৃদ্ধি কৰে।
২৭. গেষ্ট্ৰিক ৰোগ নিৰাময়ৰ বাবে লং অতি উপকাৰী। লঙৰ গুৰি আৰু মৌ জোল মিহলাই দিনে দুবাৰকৈ খালে পিত্ত আৰু অম্লপিত্ত বেমাৰ নিৰাময় হয়৷
২৮. যদি আপুনি দিনত দুটাকৈ লং খাই তেন্তে পুৰুষৰ যৌন সমস্যা আঁতৰ হ’ব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/24-years-old-boy-commited-suicide-in-guwahati/10784/
Discussion about this post