গোলাঘাটৰ (Golaghat) দলৌজানত (Dalowjan) ব্লক নিৰ্মাণ কৰা এটা কাৰখানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Horrific Incident)। কাৰাখানাত কৰ্মৰত ছাফ্ৰাছ আলম নামৰ এজন শ্ৰমিকৰ হাত সোমাই যায় মেচিনত (Machine Crush Injury In Hand)। যাৰ ফলত আধা অংশই কাটি যায় হাতখন।
ঘটনাটোৰ পিছতে শ্ৰমিকজনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষী (Golaghat Police)।
আঘাতপ্ৰাপ্ত যুৱকজনৰ ঘৰ বিহাৰত (Bihar) বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ গোলাঘাটত (Golaghat)৷ অত্যন্ত চাঞ্চল্যকৰ এই ঘটনাটোক লৈ এতিয়া কাৰখানাটোত কৰ্মৰত আন আন শ্ৰমিকসকলৰ মাজত ভয়-শংকাই দেখা দিছে।
Photo & Input: Khatang Khobor
Published BY: Dulu Medhi
Discussion about this post