নাৰী বিদ্বেষী মন্তব্য কৰি অৱশেষত গ্ৰেপ্তাৰ হ’ল পংকজ পাঠক (Arrest Pankaj Pathak)। বৰপেটা জিলাৰ (Barpeta District) হাউলীৰ সমীপৰ কালঝাৰৰ (Kaljhar) পৰা গ্ৰেপ্তাৰ (Arrest) কৰা হৈছে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক (Pankaj Pathak)। বিভিন্ন ৰোগৰ বিধান দি বাতৰিৰ শিৰোনাম হৈ থকা পংকজ পাঠকে শেহতীয়াকৈ নাৰী বিদ্বেষী মন্তব্য কৰি বিপদত পৰিছিল। তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল ২৬টাকৈ গোচৰ (FIR Lodged Against Pankaj Pathak) ৷ মহানগৰীৰ বশিষ্ঠ, হাতীগাঁও, দিছপুৰত ৰুজু হৈছিল গোচৰ।
333/22-U/S-354(A)/509 IPCত গোচৰ, গোচৰ R/w- 67(A) IT Act.
পংকজ পাঠকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছিল মহিলা সংগঠনসমূহে। ইয়াৰ পিছতে বুধবাৰে নিশা হাউলীৰ কালঝাৰৰ এটা পৰিয়ালত আত্মগোপন কৰি থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে (Barpeta Police) অভিযান চলাই গ্ৰেপ্তাৰ কৰে পংকজ পাঠকক। ইয়াৰ পিছতে নিশাই হাতীগাঁও আৰক্ষীয়ে (Hatigaon Police) হাউলীৰ পৰা গুৱাহাটীলৈ লৈ আনে পাঠকক।
বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষী থানাৰ পৰা হাতত হেণ্ডকাফ লগাই স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে পংকজ পাঠকে। তেওঁ সাংবাদিকৰ আগত কয় যে, ‘মই ভুৱা বাতৰিৰ বলি হৈ গ্ৰেপ্তাৰ হৈছো, মই ষড়যন্ত্ৰৰ বলি হোৱা বুলি গোটেই অসমে জানে।’
উল্লেখ্য নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ (Facebook Video Viral) বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল পংকজ পাঠকে। তাৰ পিছতে পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিভিন্ন নাৰী সংগঠনসমূহ। পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাৰ থানাই থানাই দাখিল কৰা হৈছিল এজাহাৰ।
এই সকলোৰে মাজতে থানালৈ যোৱাৰ ভয়তে হওক বা বেপাৰ বন্ধ হোৱাৰ ভয়তে হওক নিজৰ মন্তব্যক লৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছিল আচাৰ্য পংকজ পাঠকে। তেওঁ ফেচবুকত ভিডিঅ’ পোষ্ট কৰি কৈছিল যে- ‘যিসকল নাৰীয়ে স্বামী থকা স্বত্বেও অন্তৰ্বাস পিন্ধি কৰি ৰীল ভিডিঅ’ বনাই, তেওঁলোকৰ স্বামীৰ স্বাস্থ্যৰ ভালৰ বাবেহে বান্দৰ কেকোঁৱাৰ গুড়ি খোৱাৰ কথা কৈছিলো। মই সকলো নাৰী জাতিক লৈ এনেধৰণৰ মন্তব্য কৰা নাছিলো। একাংশ সংবাদ মাধ্যমে তেওঁৰ মন্তব্য ভুলকৈ ব্যাখ্যা কৰা বুলি কৈছিল পংকজ পাঠকে। কিন্তু ক্ষমা খোজাৰ পৰা বিৰত আছিল পাঠক।
Photo: Khatang Khobor
Discussion about this post