“আৰক্ষীৰ গুলীত নিহত নগাঁও জিলাৰ ধিঙৰ শালকাটিৰ জয়নাল আবেদিন এজন দুধৰ্ষ অপৰাধী আছিল। জয়নালৰ বিৰুদ্ধে অকল ধিং আৰক্ষী থানাতে চাৰিটাকৈ গোচৰ ৰুজু হৈ আছে ।”- এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।
আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰি আৰক্ষী অধীক্ষক মিশ্ৰই কয় যে, “চৰকাৰী কাৰ্যালয়ত মাৰনাস্ত্ৰৰে ভাবুকি প্ৰদান কৰা, এচিড দলিওৱা, ধৰ্মান্তকৰণ, ধন লুটকে ধৰি বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জয়নাল জৰিত আছিল।
১০ জুলাইৰ নিশা এক ডকাইতি ঘটনা সংঘটিত কৰিবৰ বাবে জয়নালে কৰা পৰিকল্পনাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীয়ে জয়নালৰ বিৰুদ্ধে অভিযান চলাইছিল। আৰক্ষীয়ে জয়নালক আটক কৰিবলৈ চেষ্টা কৰাৰ সময়তে জয়নালে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল।
তেতিয়া আৰক্ষীয়ে প্ৰত্যাক্ৰমণ কৰাত জয়নালৰ মৃত্যু হয়।” আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে, জয়নালৰ বিৰুদ্ধে থকা এক গোচৰৰ চাৰ্জশ্বীট থকাৰ বাবে জয়নাল প্ৰায়ে পলাতক অৱস্থাত আছিল।
জয়নালক “দাবাং” প্ৰকৃতিৰ লোক বুলি অভিহিত কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “জয়নালৰ বিৰুদ্ধে বহু অভিযোগ আছে। ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জয়নাল নিৰপৰাধী আছিল বুলি কোৱা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়া গৰাকীয়ে কয়, “তেওঁলোক ৰাইজৰ প্ৰতিনিধি।
হয়টো তেওঁলোকৰ হাতত বেছি তথ্য থাকিব পাৰে। তদন্তৰ সময়ত প্ৰয়োজন হ’লে তেওঁলোকৰ মতামত গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয়, “যাৰ যি ইচ্ছা আছে সেয়া ক’ব পাৰে। গণতান্ত্ৰিক অধিকাৰ আছে। আমি আইন মতে ব্যৱস্থা গ্ৰহণ কৰি যাম। একাংশই ধিঙৰ ঘটনাক লৈ কৰা অপপ্ৰচাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “যাৰ ইচ্ছা আছে ক’ব পাৰে। কোনোবাই যদি এনে কাম কৰিছে, তেন্তে ৰাইজৰ মতামতৰ বাহিৰত কৰি আছে। হয়তো ঘটনাৰ সম্পৰ্কত তেওঁলোক জ্ঞাত নহয়। আইন অনুসৰি কাম কৰি আছো। অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post