বেঙেনা (Brinjal) গোটেই বছৰটোৱে উপলব্ধ হৈ থাকে। অৱশ্যে, খুব কম লোকেই এই পাচলিবিধ খাবলৈ ভাল পায়, কিন্তু যিসকলে ইয়াক অপচন্দ কৰে, তেওঁলোকে জানি লওক যে বেঙেনা স্বাস্থ্যৰ (Brinjal benefits) বাবে অতিকে লাভজনক। বেঙেনা গাঢ় বেঙুনীয়া ৰঙৰ লগতে বগা আৰু সেউজীয়া ৰঙৰো থাকে। পাচলিজাতীয় খাদ্যসামগ্ৰীৰ ভিতৰত আলুৰ পিছতে বেঙেনাই স্থান পায় । বেঙেনা মূলৰুপত আমাৰ দেশ ভাৰতবৰ্ষত উৎপাদন কৰা হয় । সেয়ে ইয়াৰ মহত্ব তথা স্বাস্থ্য সম্বন্ধীয় গুণাগুণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে । পোষক পদাৰ্থৰ দৃষ্টিৰে বেঙেনাত কেলছিয়াম, ফছফৰাছ, লৌহ পদাৰ্থ, পটাছিয়াম তথা মেংগানিজ মধ্যম মাত্ৰাত পোৱা যায়। ইয়াৰ লগতে ভিটামিন এ আৰু ভিটামিন বি কমপ্লেক্স কিছু পৰিমাণে থাকে। দেখাত টান যেন লাগিলেও বেঙেনাত ৯২% পানী পোৱা যায়।
আহক জানি লও বেঙেনা (Brinjal) খোৱাৰ লাভালাভবোৰ কি কি?-
১. বেছিভাগ মানুহ কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভোগে। বেঙেনা খোৱাৰ ফলত গেছ, কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য সমস্যাৰ পৰা সকাহ পোৱা যায়।
২. বেঙেনাৰ ছবজী হৃদৰোগীসকলৰ বাবে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। ইয়াৰ নিয়মীয়া সেৱনে হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু হৃদৰোগ পৰিহাৰ কৰে।
৩. বায়ু বিকাৰ ধ্বংস কৰাৰ ক্ষেত্ৰতো বেঙেনা এক উপযোগী পাচলি। ইয়াৰ দ্বাৰা তৈয়াৰ কৰা ছবজীয়ে বায়ু নিষ্কাশন কৰাত কাম কৰে।
৪. বেঙেনাক গৰম ছাই বা গৰম বালিত ভাজি, তাৰ মণ্ডত দৈ মিলাই নাৰী ৰোগত প্ৰলেপ দিয়াটো উপকাৰী।
৫. যিসকলৰ টোপনি নাহে তেওঁলোকেও বেঙেনা খাব লাগে। বেঙেনা গৰম ছাইত ভৰাই ভাজি লওক। ইয়াৰ বাকলিবোৰ পৃথক কৰি বেঙেনাটোত মৌত মিহলি কৰক আৰু ইয়াক খাওক। টোপনি ভাল আহিব।
৬. প্ৰতিদিনে বেঙেনা ছবজী খালে কেৱল প্ৰস্ৰাৱ নোহোৱাৰ সমস্যাই নাইকিয়া নহয়, লগতে পাথৰৰ সমস্যাও প্ৰাথমিক পৰ্যায়ত ধ্বংস হয়।
৭. যদি ভোক কম লাগে বা পাচন শক্তি দুৰ্বল হয়, তেওঁলোকে বেঙেনা আৰু বিলাহীৰ চুপ বনাই খাব লাগে।
৮. ২০০ গ্ৰাম পানীত বেঙেনা কাটি উতলাওক। তাৰ পিছত সেইখিনি চেকি তাত হালধি আৰু মিশ্ৰী মিহলি কৰি খালে কাহত সকাহ পাব।
৯. যদি তলুৱাৰ পৰা অধিক ঘাম ওলাই, তেন্তে বেঙেনা কাটি লওক আৰু ইয়াক হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাত ঘঁহি দিয়ক।
১০. বেঙেনা আৰু পালেং শাকৰ চুপ বনাই খালে কোষ্ঠকাঠিন্য আঁতৰ হয়।
১১. যদি পেটত কৃমি হৈছে, তেন্তে বেঙেনাৰ ১০ গ্ৰাম গুটি মৌৰ সৈতে মিহলি কৰি খাওক, পাকস্থলীৰ কৃমি নাইকিয়া হ’ব।
১২. পাক প্ৰণালীৰ বাবে অতি উপকাৰী ৷ বেঙেনাৰ ডায়েটৰী ফাইবাৰে শৌচ খোলোচা হোৱাত সহায় কৰে ৷
১৩. ওজন হ্ৰাস কৰাত সহায়ক ৷ কিয়নো বেঙেনা হ’ল কলেষ্টৰ’লবিহীন কম কেলৰিযুক্ত ডায়েটৰী ফাইবাৰ থকা খাদ্য ৷ ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰি মেদবহুলতা কমায় ৷
১৪. কৰ্কটৰোগৰ সম্ভাৱনা কমোৱাত উল্লেখযোগ্য ভূমিকা লয় বেঙেনাই ৷
১৫. এন্টিঅক্সিডেন্টে শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷ বেঙেনাত থকা পলিফেনল, এন্থোচায়ানিন আৰু ক্লৰ’জেনিক এচিড আদি তত্বই টিউমাৰ কোষ বাঢ়িবলৈ নিদিয়ে ৷ আকৌ ভিটামিন-এৰ গুণৰ হেতুকে হাওঁফাওঁ, বক্ষ, প্ৰষ্টেট, অ’ভেৰি, মূত্ৰাশয়মুখমণ্ডলৰ কৰ্কটৰোগৰ বিকাশত বাধা দিয়া দেখা যায় ৷
১৬. হাঁড শক্তিশালী কৰে আৰু ক্ষয়ৰোধ (Osteoporosis) কৰে ৷ বেঙেনাত থকা কেলচিয়াম, মেংগানিজ, মেগনেচিয়াম আৰু লৌহ পদাৰ্থই এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে ৷
১৭. ভিটামিন-কে থকা বাবে তেজৰ চেকুৰা নাবান্ধে আৰু তেজৰ সঞ্চালন সুগম হয় ৷ ষ্ট্ৰোক ৰোধ কৰে ৷
১৮. ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে – তেজৰ সুগম চলাচল হোৱা, ধমনীত চৰ্বি জমা হ’ব নিদিয়া, অপকাৰী কলেষ্টৰ’ল কমোৱা গুণৰ বাবে সেয়া সম্ভৱপৰ ৷
১৯. তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক – কম কেলৰি, কম কাৰ্বোহাইড্ৰেট, বেচি ডায়েটেৰী ফাইবাৰৰ বাবে এয়া সম্ভৱপৰ ৷
২০. নিয়মীয়া বেঙেনাৰ সেৱনে চুলিৰ শ্ৰীবৃদ্ধি বঢ়ায় ৷
২১. ছালৰ কমনীয়তা বঢ়ায় ৷ মুখমণ্ডলত বয়সৰ আচোঁৰ পৰাত বাধা দিয়ে ৷
২২. কেঁচা বেঙেনা কাটি লগালে ছালত পৰা ক’লা দাগ আৰু সৰুসুৰা আচিনাই আঁতৰ হ’ব পাৰে ৷
২৩. অনিয়মীয়া মাহেকীয়া আৰু ঋতুস্ৰাৱ বন্ধ হোৱাৰ চিকিৎসাত উপযোগী ৷
২৪. বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়, তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।
২৫. বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে। বেঙেনাত ফাইবাৰ পোৱা যায়, যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে।
২৬. বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচ বিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে।
২৭. হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী। ই আপোনাৰ ছুগাৰ লেভেল হ্ৰাস কৰিব পাৰে।
২৮. বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।
২৯. ফাইবাৰ আৰু এন্টিঅক্সিডেন্টেৰে পৰিপূর্ণ এই পাচলিবিধ মাজে মাজে খালে শৰীৰত টক্সিক উপাদানৰ মাত্রা কমাবলৈ আৰম্ভ কৰে। তাৰ লগতে কেঞ্চাৰ চেলৰ জন্ম হোৱাৰ সম্ভাৱনাও কমে। ফলত স্বাভাৱিকভাবেই এই মাৰণ ৰোগে গা ঘঁহাবও নোৱাৰে।
৩০. বেঙেনাত থকা ফটোনিউট্রিয়েন্ট চেলে মেমব্রেনক নানাবিধ আঘাতৰ পৰা ৰক্ষা কৰে। ফলত মস্তিষ্কৰ ক্ষয় ৰোধ হয়। তাৰ লগতে স্মৃতিশক্তি আৰু বুদ্ধিও বাঢ়ে।
৩১. বেঙেনা খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। বেঙেনাত থকা ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। আহাৰত বেঙেনা অন্তৰ্ভুক্ত কৰিলে আপোনাক বিভিন্ন ধৰণৰ ভাইৰেল সংক্ৰমণৰ পৰা আঁতৰাই ৰাখিব পাৰে।
৩২. বেঙেনা খালে হৃদযন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে। বেঙেনাই শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে যি হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে। ইয়াৰ উপৰিও, বেঙেনাই শৰীৰত ৰক্ত সঞ্চালন বজাই ৰাখে।
৩৩. বেঙেনাক শক্তিৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। যদি আপুনি শৰীৰত শক্তিৰ অভাৱ অনুভৱ কৰে তেন্তে আপুনি বেঙেনা খাব পাৰে। বেঙেনা ব্যৱহাৰৰ দ্বাৰা শক্তি বৃদ্ধি কৰিব পাৰি। বেঙেনাই দিনটোৰ ভাগৰ উপশম কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/horrific-pakistani-man-boils-dead-wife-body/10533/
Discussion about this post