বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোঁহাই (Barshashree Buragohain) সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Reaction CM Himanta Biswa Sarma)। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্ষাশ্ৰীক কবিতা লিখাৰ বাবে নহয়, বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে। যদি যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে হয় তাই আলফালৈ (Ulfa) গুচি গ’ল হয়। একাংশ মহলে বৰ্ষাশ্ৰীক লৈ ভুলভাৱে প্ৰচাৰ চলাই আহিছে। একাংশ বুদ্ধিজীৱিয়ে জানি বুজি কথাটোত ৰহন সানি আছে। কবিতা লিখাত কোনো আপত্তি নাই, কিন্তু ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰিবলগা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) লগতে কয় যে যুৱতীগৰাকী আৰু তেওঁৰ অভিভাৱকে আলফালৈ নাযাও বুলি দায়িত্ব ল’লে তেওঁক মুকলি কৰি দিয়া হ’ব। তেওঁ কয় যে আজি যুৱতীগৰাকীক এৰি দিয়াৰ পিছত যদি কাইলৈ মানৱ বোমা হৈ আমাৰ ওপৰতে আক্ৰমণ চলায়, তাৰ বাবে কোন দায়ী হ’ব। আমি জানি-বুজি এজনী ছোৱালীক আলফালৈ কিয় যাব দিও।
লগতে তেওঁ কয় যে- ‘তাই ধৰক আলফালৈ গ’ল। আলফাই AK47 দি যদি পঠাই দিয়ে তেতিয়া কি হ’ব। ছোৱালীগৰাকী যেতিয়া গোলাঘাট আৰক্ষীয়ে (Golaghat Police) প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তাই কৈছিল-‘মই আলফাত যামেই। তাই আমাৰ নিজৰ ছোৱালী। তাইক বচাব লাগিব ন। কবিতা লিখাৰ কথা বেলেগ। কবিতা সকলোৱে লিখে।
‘তাই পৰীক্ষা দিয়ক, কিন্তু আলফাত নাযাও বুলি নোকোৱালৈকে এৰি নিদিও, কালি যদি সেই ছোৱালীজনীয়ে গণেশগুৰিত বোমাই ফুটাই দিয়ে তেতিয়া কি হ’ব, আলফালৈ নাযাও বুলি কথা দিলেই মুকলি কৰি দিম।’
তেওঁ কয় যে বৰ্ষাশ্ৰীয়ে পৰীক্ষা দিয়ক, চাকৰিৰ ইণ্টাৰভিউ দিয়ক তাত কোনো আপত্তি নাই। কিন্তু তেওঁক আলফালৈ যোৱাৰ পৰা বচাব লাগিব। তেওঁ নিজৰ ছোৱালী বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ্য যে, বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা সামাজিক মাধ্যম। ইফালে ১৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আদালতৰ অনুমতি বিচাৰি গোলাঘাটৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত নিজ হাতে লিখা আবেদন দাখিল কৰিছিল ডিচিবি কলেজৰ ছাত্ৰীগৰাকীয়ে।
এই আবেদন গ্ৰহণ কৰি বৃহস্পতিবাৰে আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিছে। কটকটীয়া নিৰাপত্তাৰ মাজত নিজ পৰীক্ষা কেন্দ্ৰতে ছাত্ৰীগৰাকীয়ে পৰীক্ষাত বহিব পাৰিব বুলি নিৰ্দেশ দিছে আদালতে।
Photo: Khatang Khobor
Video Courtesy: News Live
Discussion about this post