ৰূপহীহাটৰ (Rupahihat) লাইলুৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেখন ঘৰৰে ২ গৰাকী বোৱাৰী একেলগে নিৰুদ্দেশ (2 Buwari Missing)। ফুৰিবলৈ ওলাই গৈ পুনৰ উভতি নাহিল দুই বোৱাৰী। ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।
একে ঘৰৰে খুড়া-ভতিজাৰ দুই বোৱাৰী আলহীৰ ঘৰত ফুৰিবলৈ গৈ চাৰিদিনে সন্ধানহীন হৈ আছিল। ৰহস্যজনকভাবে নিৰুদ্দেশ (Missing Case) হোৱা ঘটনাই পৰিয়ালৰ মাজত প্ৰভাৱ পেলায়।
সকলো নথিপত্ৰ, আ-অলংকাৰ, নগদ ধণ, কাপোৰ লৈ ওলাই যায় দুয়োগৰাকী বোৱাৰী। ৭ জুলাইতে ঘৰৰ পৰা ওলাই গৈছিল দুয়ো। পৰিয়ালৰ লোকে বিচাৰি আছে যদিও কোনো সন্ধান পোৱা নাই দুই বোৱাৰীৰ। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত গোচৰ ৰুজু কৰে।
কোনো লোকে দেখিলে আমবাগান আৰক্ষীক (Aambagan Police) অথবা 9365687823 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
Photo & Input: Abu Hanifa
Published By: Dulu Medhi
Discussion about this post