সমগ্ৰ অসম জোকাৰি যোৱা মৰিগাঁও ধৰমতুলৰ কিডনী ব্যৱসায়ৰ লগত জড়িত লিলিমাই বড়োৰ আটকৰ পিছতে কুখ্যাত ৰমেন মেধিয়ে ধৰমতুল থানাত সোমবাৰে সন্ধিয়া আত্মসমৰ্পণ কৰে।
ধৰমতুলৰ প্ৰায় ৩৫ জনৰো অধিক দৰিদ্ৰ লোকক ধনৰ প্ৰলোভন দি কলকাতাৰ এখন হাস্পতালৰ জৰিয়তে কিডনী বিক্ৰী কৰোৱাইছিল এই দুষ্টচক্ৰটোৱে।
উল্লেখ্য ধৃত লিলিমাই বড়ো মানৱ অংগ সৰবৰাহকাৰী চক্ৰৰ অন্যতম এজেণ্ট। এইগৰাকী লিলিমাই বড়োৱেই এইটো অঞ্চলৰ এগৰাকী লোকক ডেৰ বছৰ পূৰ্বে সন্তানৰ হৃদৰোগৰ চিকিৎসা কৰাই দিয়া আৰু ৫লাখ টকা দিয়াৰ প্ৰলোভনেৰে কিডনী উলিয়াই নিছিল।
একেই উদ্দেশ্যেৰে একেই জাল পাতি তেওঁ শনিবাৰে পুনৰ আহিছিল এই অঞ্চললৈ। কিন্তু এইবাৰ স্থানীৰ ৰাইজৰ ৰোষত পৰিল লিলিমাই। ৰাইজে ধৰি গটাই দিলে আৰক্ষীক।
Photo & Input: জিন্টুমনি শৰ্মা
Discussion about this post