গোমাইঝোৰাত (Gomaijhora) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। যাত্ৰীবাহী নাইট ছুপাৰ দুৰ্ঘটনাত পতিত (Night Super Fall Into Ditch)। মেঘালয়ৰ ফুলবাৰী থানাৰ অন্তৰ্গত গোমাইঝোৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা যাত্ৰীবাহী নাইট ছুপাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পুৱতি নিশা গোমাইঝোৰাত এটা খাৱৈত (Ditch) বাগৰি পৰে।
গাড়ীখন সম্পূৰ্ণৰূপে প্ৰায় পানীত বুৰ যায়। গাড়ীখনৰ নম্বৰ As01nc/2524। বাছখনত কেইগৰাকী যাত্ৰী আছিল সেয়া জানিবলৈ পোৱা হোৱা নাই। বৰ্তমানো গাড়ীখনৰ তলত যাত্ৰী আৱদ্ধ হৈ থকাৰ সন্দেহ। ঘটনাস্থলীত ফুলবাৰী থানাৰ আৰক্ষী (Fulbari Police Station) উপস্থিত হয়। স্থানীয় ৰাইজে যাত্ৰীসকলক সুৰক্ষিতভাবে উদ্ধাৰ কৰে।
Photo & Input: তাৰিফুল ইছলাম
Published BY: Dulu Medhi




























Discussion about this post