মনত আছেনে আশ্বিকুলৰ কথা? সেই আশ্বিকুল আজি হায়াৰ ছেকেণ্ডাৰীৰ (HS Result) ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কিন্তু আশ্বিকুল নাই। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতে কান্দোনত ভাগি পৰিছে আশ্বিকুলৰ পৰিয়াল।
বটদ্ৰৱা থানা (Batadrava Police Station) জ্বলাবলৈ উচটনি দিয়া মাষ্টাৰমাইণ্ড আছিল আশ্বিকুল ইছলাম (Mastermind Ashikul Islam)। বটদ্ৰৱা থানা (Batadrava Police) জ্বলাই দিয়া ভয়ংকৰ কাণ্ডৰ মূল খলনায়ক আশ্বিকুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযান চলাই। কিন্তু নিশা আৰক্ষীৰ বাহনৰ পৰা নামি পলায়নৰ চেষ্টা কৰোতেই পাছফালৰ পৰা আহি থকা আন এখন বাহনৰ খুন্দাত মৃত্যু ঘটিছিল অভিযুক্ত আশ্বিকুলৰ।
এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (HS Result) অৱতীৰ্ণ হৈছিল অভিযুক্ত আশ্বিকুল। আজি ঘোষিত হোৱা ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় আশ্বিকুলে। তাৰ পিছতে এতিয়া শোকৰ বন্যা নামিছে মৃত অভিযুক্তজনৰ ঘৰখনত।
উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২১৮ নম্বৰ পাই উত্তীৰ্ণ হৈছে আশ্বিকুল। মৃত অভিযুক্তজনে ইংৰাজী বিষয়ত পাইছে ৪০ নম্বৰ। সেইদৰে অসমীয়াত ৪৭, উচ্চ অসমীয়াত ৩৮, এডুকেশ্যনত ৪৮, ৰাজনীতি বিজ্ঞানত ৪৫ আৰু অৰ্থনীতিত লাভ কৰিছে ৩৮ নম্বৰ।
আশ্বিকুলৰ উত্তীৰ্ণ হোৱাৰ খবৰ লাভ কৰি কান্দি কান্দি পৰিয়ালে কয়, ‘সি পৰীক্ষা দি আহি নিজেই কৈছিল পাছ কৰিম বুলি। আজি নিজ কাণেৰে এই কথা শুনিবলৈ সি নাই। তাক পুলিচে মাৰি পেলালে। আমি আইন-আদালতৰ কাষ চাপিম। ন্যায় বিচাৰ কৰি দিব লাগিব আমাক।’
উল্লেখ্য ৩০ মে’ত বটদ্ৰৱা থানা (Batadrava Police Station) জ্বলাবলৈ উচটনি দিয়া মাষ্টাৰমাইণ্ড আশ্বিকুল ইছলামৰ মৃত্যু (Mastermind Ashikul Islam Died)। নিশা আৰক্ষীৰ বাহনৰ পৰা জাঁপ মাৰি পলাবলৈ চেষ্টা কৰিছিল আশ্বিকুল ইছলামে। তাৰ পিছতে আৰক্ষীৰ বাহনৰ খুন্দাত নিহত আশ্বিকুল। আৰক্ষী বাহনৰ পৰা জপিয়াই দিয়াৰ ফলত নিহত হৈছিল আশ্বিকুল।
Photo: Khatang Khobor
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-egg-shell-for-health-lifestyle/10072/
Discussion about this post