টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে কিছু দিন পূৰ্বে তেওঁৰ ৪০তম জন্মদিন উদযাপন কৰিছিল। কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে মাহীৰ দীৰ্ঘ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। ইয়াৰ লগতে বিভিন্নজনে কেপ্টেইন কুল (Captain Cool)ৰ জাৰ্চী নং-৭ৰ অৱসৰ দাবী জনায়। এতিয়া ভাৰতৰ প্ৰাক্তন উইকেটকিপাৰ-বেটছমেন চাবা কৰিমে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
‘ধোনীৰ জাৰ্চী অৱসৰ কৰা হওক’
চাবা কৰিমৰ অনুসৰি বিচিচিআই (BCCI))য়ে এম এছ ধোনীৰ ৭ নম্বৰৰ জাৰ্চীক অৱসৰ কৰি দিব লাগে, আৰু এনেকুৱা অন্য মহান খেলুৱৈৰ সৈতেও কৰিব লাগে। মাহী টীম ইণ্ডিয়াৰ অন্যতম সফল অধিনায়ক, আৰু তেওঁক বিশেষ সন্মানৰো দাবী উত্থাপন হৈছে।
‘ধোনীৰ জাৰ্চী অন্য কোনোৱে পিন্ধিব নালাগে’
চাবা কৰিমে আইভিএম পডকাষ্ট ইউ-টিউব চেনেলত কয় যে, ”মই ভাৱো যে কেৱল এম এছ ধোনীৰ জাৰ্চীয়ে নহয়, বিচিচিআইয়ে আন বহু কেইজন ভাৰতীয় দিগ্গজৰ জাৰ্চী চম্ভালি থ’ব লাগে। তেওঁলোকে এইটোও নিশ্চিত কৰিব লাগে যে আন কোনোৱে যাতে এই জাৰ্চী পিন্ধিব নোৱাৰে।
বিশ্বকাপত অন্তিমবাৰ পিন্ধিছিল জাৰ্চী নং-৭
এম এছ ধোনীয়ে শেষবাৰৰ বাবে আইচিচি বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ৭ নম্বৰ জাৰ্চী পিন্ধিছিল। ইয়াৰ পিছত তেওঁ ২০২০ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।
Photo: Google
Discussion about this post