বিশ্বৰ বুকুত নিজৰ স্বতন্ত্ৰতা, মৌলিকতা প্ৰতিষ্ঠা কৰি চিৰ চেনেহী ভাষা জননীয়ে লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা। বাংলাৰ পৰা অসমীয়া ভাষা নিসৃত হোৱা বুলি দশকৰ পিচত দশক ধৰি চলি অহা অপপ্ৰচাৰক চিৰদিনলৈ নস্যাত কৰি ভাৰতৰ অন্যতম প্ৰাচীন ভাষাৰূপে স্বীকৃত হল অসমীয়া। এই দিনটো অসম তথা অসমবাসীৰ বাবে চিৰস্মৰণীয় দিন হৈ ৰ’ব। অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব এই মাহেন্দ্ৰ ক্ষণৰ সবিশেষ।
অসমবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশাত ছীল মোহৰ মাৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। অকল অসমীয়া ভাষাই নহয়, দেশৰ ৫টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে। ভাষাকেইটা হৈছে- অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষা।
ইয়াৰ আগেয়ে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। এই অনুসৰি ভাৰতৰ ধ্ৰুপদী ভাষা কেইটা হৈছে- তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়লম আৰু ওড়িয়া (২০১৪)। এই আটাইকেটা ভাষাক সামৰি এতিয়াৰে পৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ’ল ১১টা।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই বিশেষভাৱে আগভাগ লৈছিল। প্ৰাক্তন সভাপতিগৰাকীয়ে ৩ বছৰৰ আগেয়ে প্ৰস্তুত কৰিছিল প্ৰতিবেদন। কেৱল ইমানেই নহয় প্ৰাক্তন সভাপতি শইকীয়াই দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি লিখি ইয়াৰ বিষয়ে উল্লেখ কৰিছিল।
স্বাভাৱিকতে এই খবৰে অসমৰ বিভিন্ন মহলক আনন্দিত কৰিছে। মাননীয় প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় – “কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিচত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা লাভ কৰাত মই অতিশয় আনন্দিত হৈছো। অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজ্জ্বলি উঠিছে আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে। আগত সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰিব। সকলোকে মই অভিনন্দন জনালোঁ। “
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমত কয় – “এজন অসমবাসী হিচাপে, মই গৌৰৱ আৰু কৃতজ্ঞতাৰ এক অভূতপূৰ্ব অনুভূতি অনুভৱ কৰিছো। আজিৰ আগতে, ভাৰতৰ মাত্ৰ ছয়টা ভাষাক শাস্ত্ৰীয় ভাষাৰ টেগ দিয়া হৈছিল। ভাৰতৰ শাস্ত্ৰীয় ভাষা হিচাপে অসমবাসীৰ সংযোজন সঁচাকৈয়ে অতি আনন্দৰ বিষয় আৰু আমাৰ মাতৃভাষাৰ এই স্বীকৃতিৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিক মই ধন্যবাদ জনাইছো।”
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয় – “প্ৰাণৰ অসমীয়া ভাষাটিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা – কথাটিয়ে মনটো ভৰাই তুলিছে। হয়তো এক অনুভৱেৰে আপুনিও মহীয়ান হৈছে। অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে মাননীয় প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে।”
Discussion about this post