তুংগত জুবিন গাৰ্গ (Singer Zubeen Garg) আৰু সীমান্ত শেখৰৰ (Simanta Shekhar) বাকযুদ্ধ। পুনৰ এবাৰ সীমান্ত শেখৰক উভতি ধৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে। সীমান্ত শেখৰক লৈ সাংবাদিকে সোধা প্ৰশ্নত পুনৰ জুবিন গাৰ্গে মন্তব্য কৰি কয়- ‘সি পাগল হ’ল।’
উল্লেখ্য, বিহুক লৈ ৰাজ্যত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে জুবিন গাৰ্গে। দুদিন পূৰ্বে সীমান্ত শেখৰক উদ্দেশ্যি জুবিনে কৰা এক মন্তব্যই ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছিল।
জুবিন গাৰ্গে কৈছিল- ‘সীমান্ত শেখৰ সৰু ল’ৰা। সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক। অদৰকাৰী কথা ক’ব নালাগে। মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ সীমান্তৰ ৭টা জনম লাগিব। অদৰকাৰী কথা নালাগে মোক।’
ইয়াৰ পিছতে সীমান্ত শেখৰে (Simanta Shekhar) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল- ‘জুবিন দাৰ বিষয়ে মই একো বেয়াকৈ কোৱাই নাই । মোৰ বিষয়ে জুবিন দাক কোনোবাই বেয়াকৈ লগাইছে। জুবিন দাই মোক সৰুৰে পৰা লগ পাইছে মই জুবিন দাক বহু শ্ৰদ্ধা কৰো। জুবিন দাৰ লগত মোৰ কোনোপধ্যে তুলনা হ’ব নোৱাৰে কাৰণ জুবিন দা এজন মহান শিল্পী। ভূপেন দাৰ পিছতে অসমীয়া কলা-কৃষ্টিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া মানুহজনে হ’ল জুবিন দা। মোৰ বিৰুদ্ধে দাদাক কোনোবাই বেয়াকৈ লগাইছে। দাদাই মোক বেয়া নাপায়।’
তেওঁ লগতে কয় যে- ‘মই বৰ আচৰিত হৈছো, মই দাদাৰ বিষয়ে কতো একো কোৱা নাই। দাদা খুব ভাল মানুহ, দাদক কোনোবাই মিছাই লগাই দিছে চাগে সীমান্তই কিবা ক’লে বুলি।’
আনহাতে জুবিনে বিহু উদযাপন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি কৈছিল- বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলি পাতে সেইটো ৰাইজৰ কথা। মই শিল্পীসকলৰ বাবে কৈ আছো। শিল্পীসকলে তিনিবছৰ ধৰি অনুষ্ঠান কৰিব পৰা নাই।
Photo: Google
Discussion about this post