পঞ্চভূতত বিলীন হ’ল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ (Assam Painter Neel Pawan Baruah Dead)। নৱগ্ৰহ শ্মশানত (Nabagraha Cremation Ground) ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় চিত্ৰশিল্পীগৰাকীৰ শেষকৃত্য। অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় চিত্ৰশিল্পীগৰাকীৰ।
শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই (Neel Pawan Baruah)। দীৰ্ঘদিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বৰুৱা। শুকুৰবাৰে বিয়লি ৩.১৫ বজাত ইহ সংসাৰ ত্যাগ কৰে চিত্ৰশিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।
শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহত ৰখা হয় চিত্ৰশিল্পীগৰাকীৰ নশ্বৰ দেহ। অসংখ্য গুণমুগ্ধই বাসগৃহত নীলপৱন বৰুৱালৈ জনাই শেষ শ্ৰদ্ধা।
Photo: Khatang Khobor
Discussion about this post