দ্ৰুত জলবায়ু পৰিৱৰ্তনে (Climate change) প্ৰভাৱ পেলাইছে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাত ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাজ্যত অত্যাধিক গৰমে জ্বলা কলা খুৱাইছে সকলোকে।
সোমবাৰে গৰমৰ মাত্ৰা গুৱাহাটী মহানগৰীত ৩৯ ডিগ্ৰী চেলছিয়াছ হয়গৈ। ২০০৯ বৰ্ষৰ পাছত প্ৰথম বাৰৰ বাবে ছেপ্টেম্বৰ মাহৰ গৰমৰ তাপমান ইমান ওপৰলৈ যায়। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰতে থাকে তাপমান।
আজিও ইয়াৰ ব্যতিক্ৰম নহয়। আজি গুৱাহাটী মহানগৰীত উষ্ণতা প্ৰায় ৩৮ ডিগ্ৰী চেলছিয়াছ। ইয়াৰোপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তত ৩৭ ৰ পৰা ৩৮ ডিগ্ৰী চেলছিয়াছ আছিল তাপমান। প্ৰায় ১৪ বছৰৰ অভিলেখ ছেপ্টেম্বৰ মাহত গৰমে ভংগ কৰিছে ৰেকৰ্ড।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৪-৫ দিন ৰাজ্য গৰমে দহিব।
অধিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক হয়। সেয়ে শৰীৰটো শীতল আৰু সুস্থ সবল কৰি ৰাখিবৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীযুক্ত ফলমূল, লগতে যথেষ্ট পৰিমাণৰ পানী খাব লাগে।
লগতে পৰিবেশ সজাগতাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰাটো সময়ৰ আহ্বান হিচাপে থিয় দিছে।
সেয়ে গছ ৰোপন কৰক । গৰমৰ পৰা ৰক্ষা পাওক । পৃথিৱীখনক ধ্বংসৰ পৰা ৰক্ষা কৰাক।
Discussion about this post