আন্তৰ্জাতিক অলিম্পিক কমিটী (IOC)ক অলিম্পিক কাৰ্যসূচীৰ পৰা এবিধ খেল আঁতৰাবলৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে।
এনে ক্ষেত্ৰত যিসমূহ খেলত নিয়ম অধিক উলংঘা হ’ব, সেইসমূহ খেল ২০২১ৰ পেৰিছ অলিম্পিকৰ (Paris Olympics 2024) পৰা আঁতৰোৱাৰ সম্ভাৱনা।
ভোটদানৰ জৰিয়তে IOCয়ে অধিকাৰ লাভ কৰে
এই বিষয়টোক লৈ ভাৰোত্তোলন (Weightlifting) আৰু বক্সিং (Boxing)ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আইঅ’চি (IOC)ৰ সদস্যসকলে ক্ৰীড়াৰ সৰ্বোচ্চ সংস্থাক এই অধিকাৰ প্ৰদান কৰিবলৈ ভোট দিছে।
নিয়ম ভংগ কৰাৰ বাবে শাস্তি
এতিয়া, যদি কোনো খেল আইঅ’চি (IOC)ৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্ত পালন নকৰে বা অলিম্পিক আন্দোলনৰ ভাৱমূৰ্তি কলুষিত হয় তেন্তে, আইঅচিয়ে সেই খেলবিধক অলিম্পিক কাৰ্যসূচীৰ (Olympics Programme) পৰা আঁতৰাব পাৰে।
পেৰিছৰ পৰা আঁতৰিব ভাৰোত্তোলন?
দীৰ্ঘদিনধৰি চলি অহা ড’পিং (Doping) সমস্যা আৰু কাৰ্যকৰী বিষয়ৰ বাবে পেৰিছ অলিম্পিক ২০২৪ (Paris Olympics 2024)ৰ পৰা ভাৰোত্তোলন (Weightlifting) আঁতৰ হ’ব পাৰে।
টকিঅ’ গেমছৰ বক্সিং (Boxing) ২০১৯ চনতই আন্তৰ্জাতিক বক্সিং এছ’চিয়েচনৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই দিয়া হৈছিল।
ভাৰোত্তোলনত ভাৰতে ৰূপৰ পদক লাভ কৰে
ভাৰতৰ মীৰাবাই চানুৱে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জিকিছে, যদি আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে (IOC) কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ ফলত ভাৰতকে ধৰি বহু কেইখন দেশৰ খেলুৱৈৰ মুখত হতাশা দেখা পোৱা যাব।
লগতে লভলিনা বৰগোহাঁইয়েও বক্সিঙত এটা পদক জিকিছে।
Photo: Google
Discussion about this post