টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী খেলপথাৰৰ ভিতৰত আৰু বাহিৰত ক্ৰিকেটৰ বাহিৰেও বহুতো বিতৰ্কৰ মাজত সোমাই আছে। বিৰাট কোহলীৰ আক্ৰমণাত্মক আচৰণৰ বাবে এবাৰ এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে বিৰাট কোহলীক ষ্টাম্প খুচি হত্যা কৰিব বিচাৰিছিল।
কোহলীক ষ্টাম্প খুচি হত্যা কৰিব বিচাৰিছিল এইজন ক্ৰিকেটাৰে
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অপেনাৰ এড কোৱেনে এই কথাটো ফক্স স্পৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল।
২০১৩ত অষ্ট্ৰেলিয়ান দলৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত এড কোৱেন আৰু বিৰাট কোহলীৰ সংঘৰ্ষ হৈছিল। এড কোৱেনে কোৱা অনুসৰি, কোহলীয়ে তেওঁক কিছুমান অনুপযুক্ত শব্দ কৈছিল, যাৰ বাবে তেওঁ বৰ্তমান ভাৰতৰ অধিনায়কক ষ্টাম্প খুচি হত্যা কৰিব বিচাৰিছিল।
কোহলীৰ আচৰণ অত্যন্ত অনুচিত আছিল
এড কোৱেনে কৈছিল যে, ‘সেই ছিৰিজৰ সময়ছোৱাত মোৰ মা খুব অসুস্থ আছিল আৰু কোহলীয়ে যি কৈছিল সেয়া যথেষ্ট অনুচিত আছিল। এটা ব্যক্তিগত বিষয় যিটো যথেষ্ট সংবেদনশীল আছিল।
অত্যন্ত অনুচিত, কিন্তু কোহলীয়ে তেতিয়ালৈ অনুভৱ কৰা নাছিল যে, তেওঁ সীমা অতিক্ৰম কৰিছিল। যেতিয়ালৈ আম্পায়াৰে আহি কোৱা নাছিল যে, বিৰাট তুমি সীমা অতিক্রম কৰিছা আৰু এনেদৰে কোৱাৰ পিছত তেওঁ আঁতৰি আহিছিল আৰু ক্ষমা খুজিছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অপেনাৰ এড কোৱেনে কৈছিল যে, ‘সেই সময়ত এটা মুহূৰ্ত আহিছিল যে, যেতিয়া মই ষ্টাম্প উঘালি তেওঁক হত্যা কৰিব বিচাৰিছিলো।
Photo: Google





























Discussion about this post