চেন্নাই ছুপাৰ কিংছৰ (CSK) অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে (MS Dhoni) ক্ৰিকেট খেল-পথাৰত অতি শান্ত মনোভাৱ গ্ৰহণ কৰে। টীম ইণ্ডিয়াৰ অধিনায়ক হোৱাৰ দিনতো ধোনী যথেষ্ট শান্তভাৱে আছিল।
দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে IPLৰ খেলখনত এটা সময় আহি পৰিল যেতিয়া বৰফৰ দৰে কুল মাহীৰ(MS Dhoni) খং উঠা দেখা গৈছিল। তেওঁৰ ক্ৰিকেট কেৰিয়াৰত কমেই এনেকুৱা হৈছিল যে, যেতিয়া শান্তভাৱে থকা মহেন্দ্ৰ সিং ধোনী (MS Dhoni)ৰ খং উঠা দেখা পোৱা যায়।
ধোনীৰ খং উঠিছিল
দৰাচলতে, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা IPL মেচখনত অলৰাউণ্ডাৰ ডোৱেন ব্ৰাভোৰ ভুলৰ বাবে মহেন্দ্ৰ সিং ধোনীৰ যথেষ্ট খং উঠিছিল। মুম্বাইৰ বেটছমেন সৌৰভ তিৱাৰীয়ে মুম্বাই ইণ্ডিয়ানছৰ ইনিংছৰ সময়ত ১৮তম অভাৰৰ চতুৰ্থ বলত এটা স্কুপ শ্বট খেলিবলৈ চেষ্টা কৰিছিল, কিন্তু বলটো catchৰ বাবে ধোনীৰ ওচৰলৈ গৈছিল। দীপক চাহাৰে তেতিয়া চেন্নাইৰ হৈ বলিং কৰি আছিল আৰু মুম্বাইয়ে ৬টা উইকেট হেৰুৱাই ১১৫ ৰাণ সংগ্ৰহ কৰিছিল।
ব্ৰাভোৰ ওপৰত খং উঠিল ধোনীৰ
ধোনীয়ে দীপক চাহাৰৰ বলত সৌৰভ তিৱাৰীৰ catch ল’বলৈ দৌৰিছিল, কিন্তু ডোৱেন ব্ৰাভো মাজত আহি গৈছিল আৰু catchটো হেৰুৱাব লগা হৈছিল। catchটো ধৰিব নোৱাৰাৰ পিছত ধোনীৰ খং উঠিছিল ব্ৰাভোক লৈ। এই বলটো ধোনীৰ ওচৰত আছিল, কিন্তু ব্ৰাভোৱে দেখা পোৱা নাছিল। ধোনীৰ ব্ৰাভোৰ ওপৰত হোৱা ক্ষোভৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
https://twitter.com/im_maqbool/status/1439781140810715141?s=20
ব্ৰাভোই ধোনীৰ সৈতে চকু মিলাব পৰা নাছিল
যেতিয়া মুম্বাইৰ বেটছমেন সৌৰভ তিৱাৰীৰ কেচটো হেৰুৱালে, ধোনীয়ে দুয়োখন হাত আগবঢ়াই ডোৱেন ব্ৰাভোক ইংগিত দিলে যে তেওঁ কি কৰি দিলে। সেই সময়ছোৱাত মাহীৰ যথেষ্ট খং উঠিছিল। নিজৰ অধিনায়কৰ খং উঠা দেখি ব্ৰাভোই ধোনীৰ সৈতে চকু মিলাব পৰা নাছিল। অৱশ্যে, চেন্নাইয়ে কেচটো হেৰুৱাই বিশেষ ক্ষতিৰ সন্মুখীন হোৱা নাছিল আৰু CSK মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ২০ ৰাণত জয়ী হৈছিল।
Photo: Google




























Discussion about this post