অলিম্পিকৰ ৰিঙত যুঁজ দিবৰ বাবে সাজু হৈছে অসম কন্যা বক্সাৰ লাভলিনা বৰগোহাঁই। ইটালীৰ ৰাজধানী ৰোমত অলিম্পিক গেমছৰ প্ৰস্তুতি চলোৱা লাভলিনা বৰগোঁহাইয়ে অসমবাসীৰ শুভেচ্ছা বুকুত বান্ধি টকিঅ’ত উপস্থিত হৈছেগৈ। গোলাঘাটৰ জীয়ৰী লাভলিনাৰ চকুত এতিয়া এটাই সপোন অলিম্পিক গেমছৰ স্বৰ্ণপদক আজুৰাৰ।
জাপানৰ ৰাজধানীত লাভলিনা বৰগোহাঁইৰ লগতে উপস্থিত হৈছেগৈ ভাৰতীয় দলৰ চীফ দ্যা মিছন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানু আৰু বক্সাৰ এম চি মেৰী কম। টকিঅ’ৰ পৰা স্বৰ্ণপদক কঢ়িয়াই আনক লাভলিনাই, এতিয়া এয়াই সপোন দেশবাসীৰ।
Photo: Google





























Discussion about this post