Tokyo Olympic 2020ত পদক নিশ্চিত কৰিলে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহায়ে। ছেমি ফাইনেলত প্ৰৱেশ কৰি টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰিলে অসমৰ লাভলীনাই। চাইনীজ টাইপেৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই।
৪ আগষ্টত, পুৱা ১১ বজাত তুৰ্কীৰ বক্সাৰ Busenaz Surmeneliৰ বিৰুদ্ধে লাভলীনাৰ ছেমি ফাইনেল মেচ অনুষ্ঠিত হ’ব।
তুৰ্কীৰ এইগৰাকী বক্সাৰৰ বিৰুদ্ধে লাভলীনাই অতি কৌশলেৰে যুঁজিব লাগিব। কিয়নো আজি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এইগৰাকী বক্সাৰে তেওঁৰ প্ৰতিপক্ষ ইউক্ৰেইনৰ বক্সাৰ Anna Lysenkoক ৫-০ত হৰুৱাইছিল।
ইফালে লাভলীনাৰ সফলতাৰ পিছত ৰাজ্য চৰকাৰে লাভলীনালৈ ৫০ লাখ টকাৰ পুৰস্কাৰৰ লগতে প্ৰথম শ্ৰেণীৰ চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে।
লাভলীনাৰ এই সফলতাৰ পিছতে শুভেচ্ছা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও।
This is a BIG punch ❤️
You continue to make us proud #LovlinaBorgohain and keep India’s flag high & shining at #TokyoOlympics2020.
Well done 👏 @LovlinaBorgohai pic.twitter.com/RYFACkNXUN
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 30, 2021
Aaaaaand Lovlina does it!
An #Olympics bout to remember, as @LovlinaBorgohai 🥊 her way to the #Boxing Semi-finals. The dream lives on. Congratulations and best wishes. #Cheer4India pic.twitter.com/vi4mjWTm1Y
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) July 30, 2021
India is confirmed of 2nd Olympics medal🇮🇳
What a lovely Boxing from Lovlina🥊@LovlinaBorgohai has reached semi-finals and looking for Gold medal in #Tokyo2020 Olympics!#Cheer4India pic.twitter.com/Rc3IU93svF— Kiren Rijiju (मोदी का परिवार) (@KirenRijiju) July 30, 2021
লাভলীনাৰ জয়ত উৎফুল্লিত ধনশিৰিবাসী ৷ বৰপথাৰত নাচ গানেৰে আনন্দ উল্লাস খেল প্ৰেমীৰ লগতে শুভাকাংশীসকল ৷ টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে।
Photo: Google
Discussion about this post