মণিপুৰৰ মীৰাবাই চানুৱে Tokyo Olympics 2020ত ভাৰতলৈ প্ৰথম পদক আজুৰিবলৈ সক্ষম হয়। ভাৰোত্তোলক চানুৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক আজুৰে।
৪৮ কিলোগ্ৰাম শাখাত ২০১৪ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিয়মীয়া উপস্থিতি, ২৬ বছৰীয়া চানুৱে প্ৰায় দুটা দশকত ভাৰতৰ শ্ৰেষ্ঠ ভাৰোত্তোলন প্ৰতিভা হিচাপে আত্মপ্ৰকাশ কৰিছে।
মীৰাবাইৰ আন্তৰ্জাতিক সফলতা ২০১৪ চনত গ্লাছগো কমনৱেলথ গেমছত আহিছিল, তেতিয়াৰ ১৯ বছৰীয়া চানুৱে মুঠ ১৭০ ৰাণ সংগ্ৰহ কৰি ৰূপৰ পদক লাভ কৰিছিল।
ৰিঅ’ ২০১৬-ৰ হতাশাৰ পিছত তেওঁৰ প্ৰথমটো মুখ্য প্ৰতিযোগিতাত, মীৰাবাই চানুৱে ২০১৭ চনত এনাহেইমত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল।
এপ্ৰিলত তাচকেন্তত অনুষ্ঠিত ২০২১ চনৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বীপৰ সময়ত মীৰাবাই চানুৱে ১১৯ কিলোগ্ৰাম লিফ্টৰ সৈতে মহিলাৰ ৪৯ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্কত এক নতুন বিশ্ব অভিলেখ গঢ়িছিল।
ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৮ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেল ৰত্ন প্ৰদান কৰিছিল।
ভাৰতীয় ভাৰোত্তোলন ইতিহাসত অলিম্পিকত এইটো ভাৰতৰ দ্বিতীয় পদক। ভাৰতে ইয়াৰ পূৰ্বে চিডনী অলিম্পিকত (২০০০) ভাৰোত্তোলনত পদক জিকিছিল। পদকটো কৰ্ণম মল্লেশ্বৰীয়ে জিকিছিল। মীৰাবাই চানু অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ভাৰোত্তোলক।
মীৰাবাই স্নেচত ৮৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰাম তুলিছিল। মীৰাবাই চানুয়ে এনেদৰে মুঠ ২০২ কিলোগ্ৰাম উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰিছিল। চীনৰ ভাৰোত্তোলক হাউ ঝিহুৱে সোণ দখল কৰিবলৈ মুঠ ২১০ কিলোগ্ৰাম উত্তোলন কৰিছিল।
ইফালে অলিম্পিকত মণিপুৰৰ মীৰাবাঈ চানুৱে ৰূপ অৰ্জন কৰাৰ পিছতে উল্লাস আত্মীয়ৰ। মীৰাবাই চানুৰ বাসগৃহত উলাহৰ ধল।
Photo: Google
Discussion about this post