শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিকছত ভাৰতৰ প্ৰদৰ্শন চমকপ্ৰদ আছিল। টকিঅ’ৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সাক্ষাৎ কৰি উৎসাহ জনাইছিল আৰু লগতে খেলুৱৈসকলেও প্ৰধানমন্ত্ৰীক বিভিন্ন উপহাৰ প্ৰদান কৰিছিল।
খেলুৱৈসকলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোৱা উপহাৰসমূহ এতিয়া নিলাম(Auction) কৰা হৈছে। জেভলিন থ্ৰ’ত ভাৰতক প্ৰথমটো স্বৰ্ণপদক দিয়া নীৰজ চোপ্ৰাৰ(Neeraj Chopra) জেভলিন ক্ৰয় কৰিবলৈ অনলাইনত ১০ কোটিৰো অধিক টকা দি আছে।
ইফালে বক্সিঙত ব্ৰঞ্জ পদক আজুৰিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে(Lovlina Borgohain) প্ৰধানমন্ত্ৰীক প্ৰদান কৰা বক্সিং গ্লাভছযোৰৰ প্ৰাৰম্ভিক মূল্য ৮০ লাখ নিৰ্ধাৰণ কৰা হৈছিল যদিও শুকুৰবাৰলৈ ইয়াৰ মূল্য ১.৯২ কোটি টকালৈ নিলাম উঠিছে।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা বিভিন্ন উপহাৰো ই-নিলামৰ বাবে ৰখা হৈছে।
Photo: Google
Discussion about this post