অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক (DSP) পদত যোগদান কৰিলে অসমৰ গৌৰৱ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই (Lovlina Borgohain)য়ে। আজি জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ (Bhaskar Jyoti Mahanta) উপস্থিতিত লাভলিনাক প্ৰদান কৰা হয় এই সন্মান।
জনতা ভৱনত ডি এছ পিৰ পোচাক পিন্ধিলে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে (Lovlina Borgohain)। বুধবাৰে ডি এছ পি (DSP) পদত আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে। ৰাজ্যিক ক্ৰীড়া নীতি আৰু কেবিনেটৰ অনুমোদন অনুসৰি লাভলীনাক প্ৰদান কৰা হৈছে এই নিযুক্তি।
Live from Janata Bhawan, Dispur https://t.co/UiBlmsjUqa
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 12, 2022
লাভলিনাৰ পূৰ্বে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধিংঅক্সপ্ৰেছ ৰূপে খ্যাত দৌৰবিদ হিমা দাসকো DSP পদত নিযুক্ত কৰি সন্মান যঁচা হৈছিল।
Photo: news8northeast
Discussion about this post