ভাৰত আৰু শ্ৰীলংকাৰ (ভাৰত বনাম শ্ৰীলংকা) মাজত অনুষ্ঠিত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ তৃতীয়খন খেল আজি কলম্বোৰ আৰ প্ৰেমদাচা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে ৩ উইকেটত ১৪৭ ৰাণ সংগ্ৰহ কৰে। এই খেলখনত সঞ্জু চেমছন ভাৰতীয় দলৰ বাবে আছিল তৃতীয় মোক্ষম আঘাত। তেওঁ ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। মনীষ পাণ্ডে আৰু সূৰ্যকুমাৰ যাদৱ ক্ৰীজত আছে।
টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় খন এদিনীয়াত জয়লাভ কৰিছে আৰু তিনিখন মেচৰ এদিনীয়া শৃংখলাত অপৰাজিত ২-০ৰ অগ্ৰগতি লাভ কৰিছে।
ভাৰতৰ প্লেয়িং ইলেভেনঃ শিখৰ ধাৱান (অধিনায়ক), পৃথ্বী শ্ব, সঞ্জু চেমছন (উইকেটকিপাৰ), সূৰ্যকুমাৰ যাদৱ, মনীষ পাণ্ডে, নীতিশ ৰাণা, হাৰ্দিক পাণ্ডিয়া, ৰাহুল চাহাৰ, কৃষ্ণাপ্পা গৌতম, নৱদীপ চাইনী, চেতন চাকাৰিয়া।
শ্ৰীলংকাৰ প্লেয়িং ইলেভেনঃ আবিষ্কা ফাৰ্নাণ্ডো, মিনোদ ভানুকা, ভানুকা ৰাজপাক্ষে, ধনঞ্জয় ডিচিলভা, চৰিত অঞ্চলকা, দাচুন শনাকা (অধিনায়ক), ৰমেশ মেণ্ডিছ, চামিকা কৰুণাৰত্নে, দুষ্মন্থা চামিৰা, আকিলা ধনঞ্জয়, প্ৰবীণ জয়বিক্ৰেমা।
Photo: Google





























Discussion about this post