শিখৰ ধাৱানৰ অধিনায়কত্বত শ্ৰীলংকাক এদিনীয়া শৃংখলাত ২-১ৰ ব্যৱধানত পৰাস্ত কৰা ভাৰতেও কালি প্ৰথমখন টি-২০ মেচত ৩৮ ৰাণত জয়লাভ কৰে ৷ শ্ৰীলংকাৰ সৈতে হোৱা মেচত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ভাল প্ৰদৰ্শন কৰা নাই যদিও সকলোৰে হৃদয় জয় কৰিছে ৷
শ্ৰীলংকাৰ বেটছমেনে হাৰ্দিকক ক’লে ৰোল মডেল
শ্ৰীলংকাৰ চামিকা কৰুণাৰত্নে ষ্টাৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক তেওঁৰ আদৰ্শ হিচাপে গণ্য কৰে। কৰুণাৰত্নে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত হাৰ্দিক পাণ্ডিয়াই তেওঁক তেওঁৰ বেট উপহাৰ দিছিল। কৰুণাৰত্নে হাৰ্দিকৰ পৰা বেট পাই যথেষ্ট সুখী দেখা গৈছিল। তেওঁ ভিডিঅ’টো শ্বেয়াৰ কৰি এটা কেপচন লিখিছে।
https://www.instagram.com/p/CRw1YOZBl-8/?utm_source=ig_web_copy_link
তেওঁ লিখিছে, ‘টি-২০ মেচখনত মোৰ আদৰ্শ হাৰ্দিক পাণ্ডিয়াৰ পৰা বেট পাই মই অত্যন্ত গৌৰৱান্বিত। আপুনি এজন সুন্দৰ ব্যক্তি আৰু আপুনি কৰা কামৰ দ্বাৰা আপুনি মোৰ হৃদয় জয় কৰিছে। মই এই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম। ঈশ্বৰৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক।
এই খেলখনৰ বিষয়ে ক’বলৈ গ’লে, ভাৰতে শ্ৰীলংকাক ৩৮ ৰাণত পৰাস্ত কৰে। টীম ইণ্ডিয়াই প্ৰথমে বেটিং কৰিছিল আৰু শ্ৰীলংকাক ১৬৫ ৰাণৰ লক্ষ্য বান্ধি দিছিল।
Photo: Google





























Discussion about this post