দ্বিতীয়খন টি-২০ খেলত (T-20) টীম ইণ্ডিয়াই (Team India) নিউজিলেণ্ডক (New Zealand) ৭ উইকেটত পৰাস্ত কৰিছিল। ইয়াৰ সৈতে, ভাৰত এতিয়া তিনিখন খেলৰ শৃংখলাত ২-০ত আগবাঢ়ি আছে। টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই খেলখনত আন এটা সুন্দৰ ইনিংছ খেলিছিল। ৰোহিতৰ খেলৰ অনুৰাগী গোটেই বিশ্বতে আছে। নিউজিলেণ্ডৰ বিৰুদ্ধে কালিৰ খেলখনত তেনে এজন অনুৰাগীৰ পাগলামি দেখা গৈছিল।
নিৰাপত্তা বেষ্টনী ভাঙি সোমাল অনুৰাগী
ৰাঁচীত শুকুৰবাৰে অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ড টি-২০ খেলৰ সময়ত ষ্টেডিয়ামত এজন লোকে নিৰাপত্তা বেষ্টনী ভাঙি ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ (Rohit Sharma) অতি ওচৰলৈ যোৱাৰ ঘটনাৰ তদন্ত কৰি আছে ৰাঁচী আৰক্ষীয়ে। যুৱকজনক সেই সময়তে আৰক্ষীয়ে ধৰা পেলাইছিল। লোকজনক জেৰা কৰা হৈছে। অৱশ্যে, এতিয়ালৈকে কৰা অনুসন্ধানে প্ৰকাশ কৰিছে যে যুৱকজন ৰোহিত শৰ্মাৰ এজন ডাঙৰ অনুৰাগী (Fan)।
And a fan stormed into the field!!! The fellow sitting beside me, “ab maar khaaye chahe jo ho uska Sapna poora ho gaya! Ab yeh Ranchi mein Hatia mein Jharkhand mein poore India mein famous ho gaya!!” #IndiaVsNewZealand #INDVsNZT20 #fans #CricketTwitter pic.twitter.com/6NsIQDY0fO
— Sunchika Pandey/संचिका पाण्डेय (@PoliceWaliPblic) November 19, 2021
ভৰিত বাগৰি পৰিছিল যুৱকজন
গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম দয়ানন্দ আৰু তেওঁ বিহাৰৰ নৱাদাৰ বাসিন্দা। যেতিয়া ভাৰতীয় দলটোৱে ফিল্ডিং কৰি আছিল, মানুহজন ৰোহিত শৰ্মাৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ ভৰিত বাগৰি পৰিছিল। লোকজন ভিতৰলৈ যোৱাৰ পিছত নিৰাপত্তাৰক্ষীসকল পিছে পিছে দৌৰিছিল কিন্তু তেওঁলোকৰ পৰাও পলাই সাৰি যাবলৈ সক্ষম হৈছিল যুৱকজন। যেতিয়া নিৰাপত্তাৰক্ষীসকল পাছফালৰ পৰা আহিছিল, ৰোহিত শৰ্মাই তেওঁলোকক ৰখাইছিল আৰু লোকজনক আৰামেৰে বাহিৰলৈ লৈ যাবলৈ কৈছিল।
পেভিলিয়ন গৈ পাইছিল লোকজন
লোকজন পেভিলিয়নৰ ভিতৰলৈ উভতি অহাৰ লগে লগে, তেওঁক সুৰক্ষা কৰ্মীয়ে আটক কৰিছিল। এতিয়া প্ৰশ্ন উত্থাপিত হয় যে ভিভিআইপিৰ বাবে সংৰক্ষিত সেই স্থানত কেনেকৈ অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিছিল আৰু এজন যুৱক ফিল্ডলৈ সোমাবলৈ পাৰিছিল। অৱশ্যে, আৰক্ষীৰ তদন্তত এতিয়ালৈকে যুৱকজনৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/earthquake-in-assam-richter-scale-4-1/4547/
Discussion about this post