টকিঅ’ অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা দীপক পুনিয়াৰ (Deepak Punia) সপোন ভাঙি পৰে। যেতিয়া দীপক পুনিয়াই পুৰুষৰ ফ্ৰীষ্টাইল ৮৬ কিলোগ্ৰাম ব্ৰঞ্জ পদক প্ৰতিযোগিতাত ছেন মৰিণ’ৰ মাইলছ আমিনৰ হাতত ২-৪ ব্যৱধানত পৰাজিত হয়। কিন্তু তাৰ পিছত যি ঘটিছিল সেয়া সকলোকে আচৰিত কৰি তুলিছে।
দৰাচলতে, দীপক পুনিয়াৰ পৰাজয়ৰ পিছত, তেওঁৰ বিদেশী প্ৰশিক্ষক মোৰাদ গেড্ৰভ (Morad Gaidrov)য়ে খেলখনৰ পিছত ৰেফাৰীক আক্ৰমণ কৰিছিল।
পুনিয়াৰ প্ৰশিক্ষকে মেচ ৰেফাৰীক কৰে আক্ৰমণ
দীপক পুনিয়াৰ (Deepak Punia)ৰ খেলৰ পিছত, তেওঁৰ প্ৰশিক্ষক মোৰাদ গেদ্ৰো (Morad Gaidrov) মেচ ৰেফাৰীৰ কোঠালৈ গৈ তেওঁক আক্ৰমণ কৰে।
ইয়াৰ পিছত বিশ্ব কুস্তি সংস্থা(FILA)ই IOC আৰু ভাৰতীয় কুস্তি ফেডাৰেচন (WFI)ক অৱগত কৰে। ইয়াৰ পিছত প্ৰশিক্ষক মোৰাদ গেড্ৰোক সোধা-পোছা কৰা হৈছিল আৰু তেওঁ ক্ষমা বিচৰাৰ পিছত সতৰ্কবাণী দি এৰি দিয়ে। খবৰ অনুসৰি তেওঁক ভাৰতীয় কুস্তি ফেডাৰেচন (WFI)য়ে টাৰ্মিনেণ্টে কৰি দিয়ে।
FILAয়ে IOCক দাবী জনাইছে যে মোৰাদ গেড্ৰো (Morad Gaidrov)ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। উল্লেখ্য গেড্ৰোৱে ইয়াৰ পূৰ্বে ২০০৪ চনৰ এথেন্স অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পিছত তেওঁৰ বিৰোধীক আক্ৰমণ কৰিছিল।
(1/2) Indian Wrestling team's foreign assistant coach Mr Murad Gaidarov who was involved in an uncalled incident of assault on one of the match referees, is being withdrawn from the Tokyo Olympic Village immediately and is being called back to India on the latest flight.
— rajeev mehta (@rajeevmehtaioa) August 6, 2021
দীপক পুনিয়া ব্ৰঞ্জৰ পদকৰ মেচখনত পৰাজিত হৈছিল
দীপকে বুধবাৰে ছেমি ফাইনেলত আমেৰিকাৰ ডেভিদ টেইলৰৰ হাতত পৰাজিত হয়, কিন্তু দীপকে ব্ৰঞ্জৰ পদক জিকিব বুলি আশা কৰা হৈছিল। অৱশ্যে, এই পৰাজয়ৰ লগে লগে তেওঁৰ ব্ৰঞ্জ অনাৰ আশাও ভাঙি পৰে। দীপকে ব্ৰঞ্জৰ পদকৰ যুঁজত প্ৰথম পিৰিয়ডত আৰম্ভণিৰ দুটা পইণ্ট অৰ্জন কৰিছিল কিন্তু আমিনেও এটা পইণ্ট অৰ্জন কৰিছিল।
Photo: Google
Discussion about this post