CWG 2022: আজিৰ পৰা ইংলেণ্ডৰ (England) বাৰ্মিংহামত (Birmingham) আৰম্ভ হ’ব কমনৱেলথ গেমছ ২০২২ (Commonwealth Games)। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এথলীটৰ (Athlete) ইভেণ্ট হ’ল কমনৱেলথ গেমছ।
১২ দিনীয়া এই বিশ্ববিখ্যাত প্ৰতিযোগিতাখনত অংশ ল’বলৈ বাৰ্মিংহামত (Birmingham) উপস্থিত হৈছে অসমৰ ৭ গৰাকী গৌৰৱ।
বক্সিঙত (Boxing) লাভলীনা বৰগোহাঁই (Lovlina Borgohain) আৰু শিৱ থাপা (Shiva Thapa), এথলেটিকছত (Athletics) হিমা দাস (Hima Das), ভাৰোত্তোলনত (Weightlifting) পপী হাজৰিকা (Popy Hazarika), লনবলত (Lone Ball) তানিয়া চৌধুৰী (Tania Choudhury), নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে অংশ ল’ব এইবাৰৰ কমনৱেলথ গেমছত (Commonwealth Games)।
৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপাই অংশগ্ৰহণ কৰিব।
আনহাতে এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমা দাসে কমনৱেলথ গেমছত মহিলাৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ উপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/maharashtra-drunk-man-climbs-mobile-tower-wife-return/10762/
Discussion about this post