আই পি এল ২০২১ (IPL 2021)ৰ হাই ভল্টেজ ফাইনেলত চেন্নাই চুপাৰ কিংছে (CSK) কলকাতা নাইট ৰাইডাৰ্ছক (KKR) ২৭ ৰাণত পৰাস্ত কৰি তেওঁলোকৰ চতুৰ্থ খিতাপ অৰ্জন কৰে। অধিনায়ক এম এছ ধোনীৰ নেতৃত্বত CSK-এ খেলখনত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে। বিশেষ কথাটো হ’ল যে অধিনায়ক হিচাপে ধোনীৰ ৩০০তম টি-২০ খেল আছিল। এই খুঁটি অৰ্জন কৰা ধোনী বিশ্বৰ প্ৰথম অধিনায়ক।
IPLত এইটো চেন্নাইৰ চতুৰ্থ খিতাপ। দলটোৱে ইয়াৰ পূৰ্বে ২০১০, ২০১১ আৰু ২০১৮ চনত আই পি এল খিতাপ অৰ্জন কৰিছিল।
IPLত এয়া ৯ম বাৰ সুযোগ আছিল য’ত চেন্নাইৰ দলটোৱে ফাইনেলত উপনীত হৈছিল। কেপ্টেইন ধোনীৰ নেতৃত্বত খেলা CSK এই প্ৰতিযোগিতাখনৰ অন্যতম সফল দল। তেওঁলোক এতিয়া সৰ্বাধিক IPL খিতাপ জয়ৰ ক্ষেত্ৰত মুম্বাই ইণ্ডিয়ানছৰ পৰা মাত্ৰ এটা খিতাপ দূৰত আছে। মুম্বাইৰ নামত পাঁচটা IPL খিতাপ আছে।
KKRৰ অধিনায়ক ইয়ন মৰ্গানে টছত জয়ী হৈছিল আৰু প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। CSKৰ দুয়োজন অপেনাৰ ৰুতুৰাজ গায়কৱাড় আৰু ফাফ ডু প্লেচিছে দলটোক এটা সুন্দৰ আৰম্ভণি দিছিল আৰু প্ৰথম উইকেটত ৬১ ৰাণ কৰিছিল। ইয়াৰ পিছত ৰবীন উথাপ্পা আৰু মইন আলীয়ে সুন্দৰ বেটিং কৰে। উথাপ্পাই ১৫টা বলত ৩১ ৰাণ আৰু মইনে ২০টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰে।
ফাফ ডু প্লেচিছে এটা মূৰৰ পৰা ধৰি ৰাখিছিল চেন্নাইৰ ইনিংছটো। ডু প্লেচিছ শেষলৈকে অপৰাজিত আছিল আৰু ৫৯টা বলত ৮৬ ৰাণ সংগ্ৰহ কৰিছিল।
১৯৩ ৰাণৰ পিছে পিছে KKRৰ বেটছমেনসকলেও এক সুন্দৰ আৰম্ভণি কৰে, যদিও শাৰ্দুল ঠাকুৰে একেটা অভাৰত ভেঙ্কটেশ আয়াৰ আৰু নীতিশ ৰাণাৰ উইকেট দখল কৰি মেচখন চেন্নাইৰ ফালে ঘূৰাই দিয়ে।
ৰুতুৰাজ গায়কৱাডে এই বছৰ CSKৰ হৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰতিযোগিতাখনত সৰ্বাধিক ৬৩৫ ৰাণ সংগ্ৰহ কৰি অৰেঞ্জ কেপ দখল কৰে।
Photo: ABP NEWS
Discussion about this post